BRM আইন মহাবিদ্যালয়ত সদৌ অসম আইন ছাত্র সন্থা সমৰ্থিত প্ৰাৰ্থীৰ জয়

অসমৰ প্ৰথম তথা একমাত্ৰ চৰকাৰী আইন শিক্ষা অনুষ্ঠান বিষ্ণুৰাম মেধী চৰকাৰী আইন মহাবিদ্যায়লত আজি ২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যায়।

মহাবিদ্যালয় খনত বিভিন্ন সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত আগভাগ লোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰাৰ্থীত্ব আগবঢ়োৱা ছাত্ৰ সকলৰ মাজৰ পৰা সদৌ অসম আইন ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থী সকলে বৃহৎ ভোটত জয়লাভ কৰে।

সদৌ অসম আইন ছাত্ৰ সন্থাৰ হৈ আশিদুল হকে সাধাৰণ সম্পাদক, মধুস্মিতা কাকতিয়ে উপ-সভানেত্ৰী, ৰিবৰিব্ কাশ্যপে সাংস্কৃতিক সম্পাদিকা, মনোৱাৰ হুছেইনে তৰ্ক বিভাগৰ সম্পাদক আৰু ৰিঅ’ দৈমাৰীয়ে ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক হিচাপে জয় লাভ কৰে। জয় লাভ কৰা প্ৰাৰ্থী সকলক সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ বৰা, কেন্দ্ৰীয় নেতা শান্তনু পেগু আৰু আব্দুল হুদাই সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...