চোৰক ধন্যবাদ জনাইছে নলবাৰীৰ একাংশ লোকে

খং নহয়। এটা চোৰক ধন্যবাদ জনাইছে নলবাৰীৰ একাংশ লোকে। ৭ অক্টোবৰত চোৰে নলবাৰীৰ বৰনৰ্দ্দীৰ ঐতিহাসিক গণেশ দেৱালয়ত লুটপাত চলাইছিল। মূল বিগ্ৰহ, সোণৰ পদক লৈ গৈছিল চোৰে। চাৰিদিন পাছত চোৰে সকলো সামগ্ৰী ঘূৰাই দিলে। তাকে লৈ এতিয়া আনন্দিত সকলো।

এটা চোৰৰ শুভবুদ্ধিৰ উদয় হ’ল… চোৰে বিৰিঙালে হাঁহি
শংখ বজাই চোৰক ধন্যবাদ জ্ঞাপন ৰাইজৰ

এয়া ১৮০১ চনতেই স্থাপিত নলবাৰীৰ বৰনৰ্দ্দীৰ ঐতিহাসিক শ্ৰী শ্ৰী গণেশ দেৱালয়। ৭ অক্টোবৰত ৰাইজে অন্তৰত আঘাত পোৱা এটা ঘটনা ঘটিল। ঐতিহাসিক মন্দিৰটোত চুৰি হল। মন্দিৰৰ মূল বিগ্ৰহ, সোণৰ চেইন, ৰূপৰ চেইন, সোণৰ পদক, ৰূপৰ পদক আৰু আ-অলংকাৰ চোৰে লৈ গল। তাৰ পাছতেই দুখ মনেৰে সময় পাৰ কৰিছিল ৰাইজে। চুৰি হোৱাৰ পাছত আৰক্ষী আহিল। সাংবাদিক আহিল। ওলাল বাতৰি। আৰু বুধবাৰে চোৰে ঘূৰাই দিলে মন্দিৰৰ সামগ্ৰী।
৭ অক্টোবৰত নিয়া প্ৰায় সকলো সামগ্ৰীয়ে পুৱা মন্দিৰৰ বাহিৰত থৈ গল চোৰে। তাকে দেখি উতফুল্লিত হৈ উঠিল ৰাইজ। শংখ-তাল বজাই আনন্দ কৰিলে সকলোৱে। বিষন্ন মনেৰে থকা এওঁলোকৰ মুখত হাঁহি বিৰিঙিল। খবৰ দিয়াৰ পাছতেই বেলশৰ আৰক্ষীয়েও ততকালে ব্যৱস্থা লৈছিল। কিন্তু কোনো সূংশুত্ৰ পোৱা নাছিল চোৰৰ। সন্ধান উলিয়াব পৰা নাছিল চুৰি হোৱা সামগ্ৰীৰো। ঐতিহাসিক মন্দিৰত হোৱা চুৰিৰ এই ঘটনা সঁচাকৈ আছিল দুখজনক। কিন্তু চোৰে সামগ্ৰীখিনি ঘূৰাই দিয়াত এতিয়া আনন্দিত সকলো।

ৰাইজৰ মতে বাতৰি সম্প্ৰচাৰ হোৱাৰ খবৰ পালে চোৰে। মন্দিৰটোৰ ঐতিহ্যৰ কথা ভাবিয়েই চোৰে সামগ্ৰী কেইপদ ঘূৰাই দিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...