বিহাৰত ৰাহুল গান্ধীৰ গালত চুমা খালে যুৱকে; নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন

বিহাৰৰ ‘ভোটাৰ অধিকাৰ যাত্ৰা’ৰ মাজত ৰাহুল গান্ধীৰ বাইক ৰখাই এজন যুৱকে তেওঁক চুম্বন কৰিলে। দেওবাৰে এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কংগ্ৰেছৰ কৰ্মীসকলে তৎক্ষণাৎ যুৱকজনক কৰায়ত্ত কৰে। কংগ্ৰেছ কৰ্মীসকলে যুৱকজনক চৰ মৰাৰো অভিযোগ উঠিছে। এই ঘটনাই ৰাহুলৰ নিৰাপত্তা ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

দেওবাৰে বিহাৰৰ পূৰ্ণিয়া জিলাত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী আৰু আৰজেডি নেতা তেজস্বী যাদৱৰ বাইক ৰেলীৰ মাজত এই কাণ্ড সংঘটিত হৈছে। ‘ভোটাৰ অধিকাৰ যাত্ৰা’ কাৰ্যসূচীৰ অংশ হিচাপে এই ৰেলীৰ আয়োজন কৰা হৈছিল। দেওবাৰে পুৱা আৰাৰিয়াৰ ৰাস্তাত বাইকৰ ৰেলী চলি আছিল। কিন্তু কৰ্মী-সমৰ্থকৰ ভিৰৰ বাবে বাইকৰ গতি অতি কম আছিল। ৰাহুল আৰু তেজস্বীক চাবলৈ ৰাস্তাৰ দুয়োপাৰে মানুহৰ ভিৰ পৰিলক্ষিত হৈছিল। হঠাৎ সেই ভিৰৰ মাজৰ পৰা এজন যুৱক আহি ৰাহুলৰ বাইক ৰখাই দিয়ে। বাইকৰ গতি কমি যোৱাৰ লগে লগে যুৱকজনে ৰাহুলৰ গালত চুম্বন কৰে।

ঘটনাটো ইমান আকস্মিক আছিল যে, ৰাহুল কিছু পৰিমাণে বিস্মিত হৈ পৰে। ঘটনাৰ পিছত কৰ্মী-সমৰ্থক আৰু ৰাহুলৰ নিৰাপত্তাৰক্ষীসকলে  যুৱকজনক কৰায়ত্ত কৰে। যুৱকজনৰ গালত চৰ মাৰি ৰাহুলৰ ওচৰৰ পৰা আঁতৰাই অনা হয়। এই কাণ্ডৰ ভিডিঅ’ দ্ৰুতগতিত সামাজিক মাধ্যমত বিয়পি পৰে। কিন্তু নিৰাপত্তাৰ বেহু ভাঙি এই যুৱকজনে কেনেকৈ ৰাহুলৰ ওচৰলৈ যোৱাৰ সুযোগ পালে, তাৰ ওপৰতো প্ৰশ্ন উঠিছে।

ভোট ‘চুৰি’ আৰু বিহাৰত এছআইআৰৰ বিতৰ্কৰ মাজত ১৭ আগষ্টৰ পৰা নীতিশ কুমাৰৰ ৰাজ্যত ‘ভোটাৰ অধিকাৰ যাত্ৰা’ আৰম্ভ কৰিছে লোকসভাৰ বিৰোধী দলনেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে। পদযাত্ৰা আৰম্ভৰ আগতে তেওঁ স্পষ্টকৈ কৈছিল, বিহাৰৰ মানুহৰ ভোট চুৰি কৰিবলৈ দিয়া নহ’ব! এই পদযাত্ৰাত কেৱল কংগ্ৰেছ নহয়, বিৰোধী জোঁট ‘ইণ্ডিয়া’ৰ নেতা-নেত্ৰীসকলেও যোগ দিছিল। ১৬দিনীয়া এই পদযাত্ৰা ১ ছেপ্টেম্বৰত পাটনাত শেষ হ’ব। ১,৩০০ কিলোমিটাৰ দীঘল পথ পদব্ৰজে অতিক্ৰম কৰি বিহাৰৰ মানুহৰ ওচৰলৈ এছআইআৰৰ বাৰ্তা প্ৰেৰণ কৰাই এই কাৰ্যসূচীৰ উদ্দেশ্য। ভোট বিশেষজ্ঞসকলৰ মতে, এই কাৰ্যসূচী বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে সাধাৰণ মানুহৰ কাষলৈ যোৱাৰো এক প্ৰয়াস।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...