সাত বছৰীয়া ভাতৃ ঢুকাল সৌ সিদিনা, এইবাৰ নোহোৱা হ’ল ভৰণ পোষণ দিয়া পিতৃ

এজন কণিষ্ঠ ভাতৃ, এগৰাকী কণমানি ভগ্নীৰে এগৰাকী অসহায় যুৱতী। আনে দিয়াখিনি খাইছে, আনে কোৱা কথাই শুনিছে। কিবা বুজি উঠাৰ পূৰ্বেই মাতৃ নোহোৱা হৈছিল পৰিয়ালৰ পৰা। খেলাৰ লগৰী ভাতৃয়ে সাৱটিছিল মৃত্যুক। সেই বেদনা মাৰ নাযাওঁতেই এইবাৰ পিতৃৰো বিয়োগ। হাহাকাৰ পৰিস্থিতি। এই প্ৰতিবেদনৰ অন্তত মানৱীয়তা থকা প্ৰতিজনেই হয়তো প্ৰাৰ্থনা কৰিব, এনে দিন কাৰো জীৱনলৈ নাহক।

এনে দুৰ্দিন কাৰো জীৱনলৈ নাহক
এই নিস্পাপ মুখকেইখনত হাহাকাৰ
পাহি মেলা সপোন এটিৰ নিমিষতে অপমৃত্যু
কেৱল নিজান আৰু নিজান। কণমানি দুই ভাতৃ–ভগ্নীৰ সৈতে অসহায় নলবাৰীৰ বৰভাগৰ কোটালকুছিৰ এইগৰাকী পাহি। সাত বছৰ পূৰ্বে মাতৃ গুৱাহাটীলৈ গৈছিল। উভতি অহাৰ প্ৰতিশ্ৰুতি যে মিছা আছিল এই কণমানিহঁতে বুজি পোৱাৰ তেতিয়া বয়সেই হোৱা নাছিল।
সাত বছৰীয়া ভাতৃ ঢুকাল সৌ সিদিনা।
এইবাৰ নোহোৱা হ’ল ভৰণ পোষণ দিয়া পিতৃ।
জ্বৰত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত পিতৃ নৰেশ্বৰ মেধিয়েও আঁ‌কোৱালি ল’লে অকাল মৃত্যুক। এইঘৰখনত কাৰ্য্যতঃ এতিয়া নিঠৰুৱা হৈ পৰিছে পাঁ‌হিৰ লগতে কণমাণি ভাতৃ দীপাংকৰ আৰু ভগ্নী ধৰিত্ৰী। পখিলা খেদা বয়সতে দুয়ো হৈ পৰিছে ঘাট-মাউৰা। দীপাংকৰে বুজাই হোৱা নাই!
সি নাজানে কেনেদৰে কি হ’ল পিতৃৰ!
ওচৰ- চুবুৰীয়াৰ বদান্যতাত সিহতে গ্ৰহণ কৰিছে খাদ্য।
কোনোৱে যোগান ধৰিছে চিলিণ্ডাৰ
কোনোৱে দিছে গেছৰ ষ্টোভ।
কোনোৱে নিজৰ ঘৰৰ পৰাই সংযোগ কৰাই দিছে বিদ্যুৎ!
কিন্তু এনেকৈ আৰু কিমান দিন?
পিতৃ-মাতৃৰ অৱৰ্তমানত অসহায় এওঁলোকক প্ৰয়োজন এধানি সহায়ৰ।
দূৰ্ভগীয়া পৰিয়ালটিৰ কাষত আপুনিও পাৰে থিয় দিব।
পাহিক সহায়ৰ বাবে GFX নিৰ্দিষ্ট কৰা হৈছে 7086778916 ফোন পে নম্বৰ।
নিয়তিৰ নিষ্ঠুৰতাত কাতৰ এই পৰিয়ালটিক লাগে মাথো এধানি মাত, কিঞ্চিত সহায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...