বাল্য বিবাহৰ বিৰোধিতা কৰি বঙাইগাঁৱত বিপদত পৰিছে এটা পৰিয়াল

চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাইছে। বাল্য বিবাহ ৰোধ কৰিবৰ বাবে ৰাইজকো সচেতন হৈ থাকিবলৈ অনুৰোধ কৰিছে। সেই সময়তে বাল্য বিবাহৰ বিৰোধিতা কৰি বঙাইগাঁৱত বিপদত পৰিছে এটা পৰিয়াল। দুগৰাকী কিশোৰীক বিয়া দিয়াৰ বিৰোধিতা কৰিলে এজন যুৱক আৰু মাতৃয়ে। তাৰ পাছতে তেওঁলোকক নিৰ্মম প্ৰহাৰ কৰিলে বাল্য বিবাহ সংঘটিত কৰিবলৈ ওলোৱা লোকজনে। কেমেৰাত গোপনে বন্দী কৰা কেইটামান দৃশ্য এতিয়া পোহৰলৈ আহিছে। এগৰাকী বৃদ্ধাক মাটিত পেলাই চুলিত ধৰি মাৰপিট কৰিছে দুগৰাকী মহিলাই। চিঞৰি কান্দিছে বৃদ্ধাগৰাকীয়ে। কিন্তু ৰক্ষা পোৱা নাই। চৰম নিৰ্যাতন চলিছে অসহায় মহিলাগৰাকীৰ ওপৰত। একেসময়তে সেই বৃদ্ধাগৰাকীৰ পুত্ৰকো বান্ধি থোৱা হৈছে গছত। গছত বান্ধি এই যুৱকজনকো প্ৰহাৰ কৰা হৈছে। একেটা পৰিয়ালৰ সদস্যই এইদৰে মাতৃ-পুত্ৰৰ ওপৰত চলালে নিৰ্যাতন।

অপৰাধ বাল্য বিবাহৰ বিৰোধিতা কৰিছিল যুৱকজনে। বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলগাগৰিত আলী হুছেইন নামৰ লোকজনৰ পৰিয়ালৰ দুগৰাকী কিশোৰীক বিয়া দিয়া হৈছিল। বয়স নোহোৱাকৈ বিয়া দিছিল কিশোৰী দুগৰাকীক। সেয়া বাল্য বিবাহ। চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে ধাৰাবাহিকভাবে চলাইছে অভিযান। পুনৰ অক্টোবৰৰ পৰা সেই অভিযান পূৰ্ণ গতিত চলোৱাৰ কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে বাল্য বিবাহ কৰোৱাই ৰঙাঘৰৰ আলহী হৈছে বহুজন। তাৰ মাজতে সংঘটিত এই ঘটনাৰ বিৰোধিতা কৰিছিল আনছাৰ আলী আৰু পৰিয়ালে। সেই দোষতেই আনছাৰৰ মাতৃক প্ৰথমে আলী হুছেইনৰ পৰিয়ালৰ মহিলাই দলবদ্ধভাবে আক্ৰমণ কৰিলে। একেসময়তে গছত বান্ধি প্ৰহাৰ কৰিলে আনছাৰ আলীকো। এই ঘটনাৰ পাছতে স্থানীয় ৰাইজে খবৰ দিলে আৰক্ষীক। গিৰুকাবাৰী আৰক্ষীয় ঘটনাস্থলীত উপস্থিত হৈ গছত বান্ধি থোৱা আনছাৰ আলীক উদ্ধাৰ কৰিলে। এই ঘটনাৰ মাষ্টাৰমাইণ্ড আলী হুছেইনক আটক কৰে আৰক্ষীয়ে। ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাণিকপুৰত। দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উঠিছে। যিসময়ত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি চৰকাৰে সাধাৰণ, সচেতন ৰাইজকো এই ব্যাধিৰ বিৰুদ্ধে সতৰ্ক হৈ ঠিয় দিবলৈ আহ্বান জনাইছে সেই সময়তে বাল্য বিবাহৰ বিৰোধিতা কৰি আক্ৰমণৰ বলি হবলগীয়া হৈছে মাতৃ-পুত্ৰ। ন্যায় বিচাৰিছে ভুক্তভোগীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...