কোনো কাৰণত কান্দি আছিল একমাত্ৰ কণমানি পুত্ৰই…

সৰু সৰু কথাতেই খৰ্গহস্ত হোৱা মানুহৰ অৱক্ষয় হোৱা স্বভাৱত সভ্যতাৰ পোহৰ পেলাব কোনে! এই প্ৰশ্নই এতিয়া বিন্ধি গৈছে প্ৰচলিত সমাজক। কিয়নো এনে কিছু বীভত্স ঘটনা এইখন সমাজত সংঘটিত হৈ আছে যে, প্ৰতিনিয়ত অৱক্ষয় হৈছে মানৱ সভ্যতাৰ। ভুলুণ্ঠিত হৈছে মানৱতা। সংঘটিত হৈছে এক নৃশংসতম্ ঘটনা।

কিমান পৰ্যায়লৈ ভুলুণ্ঠিত হ’ব পাৰে মানৱতা?
কিমান তললৈ যাব পাৰে মানুহ নামৰ এই সত্তা?

অসম্পাদিত ৰূপত আপোনাক এই বীভত্স দৃশ্য আমি দেখুৱাব নোৱাৰি। ধনশিৰি মহকুমাৰ বৰপথাৰত নিশা মানৱ সমাজক ভূলুণ্ঠিত কৰা এক শোকাৱহ ঘটনা সংঘটিত হয়। বিৱৰণী শুনি আপুনি ক’ব হায়ৰে মানৱতা!

কোনো কাৰণত কান্দি আছিল একমাত্ৰ কণমানি পুত্ৰই
সেই অপৰাধতে ভৰিৰে গচকি পুত্ৰক নিধন পিতৃৰ!

বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। নিজগৃহত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত আইতাকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ। আইতাকৰ ভাষ্য অনুসৰি সন্তানটিয়ে কান্দি থকাৰ বাবেই পিতৃ প্ৰশান্ত হাওয়ে ভৰিৰে গছকি গছকি হত্যা কৰে একমাত্ৰ পুত্ৰক।

উল্লেখযোগ্য যে, নিজ গৃহৰ চৌহদত থকা বালিত শিশুটিৰ মৃতদেহ পুতি থবলৈ চেষ্টা কৰিছিল নিৰ্দয় পিতৃ প্ৰশান্ত হাৱে। আনহাতে ঘটনাৰ কথা স্থানীয় এজন যুৱকে স্থানীয় গাওঁৰক্ষী বাহিনীক খবৰ দিয়াত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজ উপস্থিত হৈ বৰপথাৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলিত বৰপথাৰ আৰক্ষী উপস্থিত হৈ নিশাই পিতৃ প্ৰশান্ত হাওক গ্ৰেপ্তাৰ কৰে। মাতৃ এলিচা হাও আৰু দুই কন্যা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত কৰ্মসূত্ৰে থাকে। আনহাতে পূৰ্বতেও বিভিন্ন অপৰাধ মূলক কাৰ্যত লিপ্ত থকাত কেইবা বাৰু জেললৈ গৈছে পিতৃ প্ৰশান্ত হাও। এতিয়া কথা হ’ল আইনে হত্যাকাৰী পিতৃক শাস্তি দিব। কিন্তু, সমাজ অৱক্ষয়ৰ এই ধাৰ সূজিব কোনে? সৰু কথাতেই খৰ্গহস্ত হোৱা মানুহৰ এই স্বভাৱত সভ্যতাৰ পোহৰ পেলাব কোনে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...