ক’ভিড প্ৰ’ট’কল উলংঘা : আৰ্জেণ্টিনা-ব্ৰাজিলৰ ফুটবল মেচ বাতিল

দেওবাৰে অনুষ্ঠিত হোৱা আৰ্জেণ্টিনা আৰু ব্ৰাজিলৰ মাজৰ বিশ্বকাপৰ কোৱালিফায়াৰ মেচখন আশ্বৰ্যজনক ভাবে বাতিল কৰা হয়। মেচ বাতিল হোৱাৰ পিছতে সমগ্ৰ ফুটবল অনুৰাগী সকলৰ মাজত চলিছে তুমুল চৰ্চা। কিন্তু, কিয় বাতিল হ’ল নেইমাৰ বনাম মেছিৰ এই গুৰুত্বপূৰ্ণ খেলখন?

আৰ্জেণ্টিনা বনাম ব্ৰাজিল বিশ্বকাপৰ কোৱালিফায়াৰ মেচ হ’ল বাতিল

ক’ভিড প্ৰট’ক’ল ভংগৰ অভিযোগত বাতিল হ’ল খেলখন

ঘটনাটোকলৈ ক্ৰীড়া মহলত চলিছে তুমুল চৰ্চা

দেওবাৰে আৰ্জেণ্টিনাৰ আৰু ব্ৰাজিলৰ মাজত অনুষ্ঠিত হোৱা বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ মেছখন ৰহস্যজনকভাৱে বাতিল কৰিব লগা হয়। দক্ষিণ আমেৰিকাৰ ফুটবলৰ দুই শক্তিশালী দলৰ সৈতে থকা মেচ খন আৰম্ভণিতে বাতিল কৰে ব্ৰাজিলৰ স্বাস্থ্য বিষয়াসকলে। উল্লেখযোগ্য যে, খেলখন আৰম্ভ হ’ব লওঁতেই ব্ৰাজিলৰ স্বাস্থ্য বিষয়াসকলে খেলপথাৰলৈ দৌৰি যায়, যাৰ ফলত দলৰ বিষয়া আৰু দুয়োপক্ষৰ খেলুৱৈসকল মাজত বাক-বিতণ্ডাৰ সূত্ৰপাত হয়। ব্ৰাজিলৰ স্বাস্থ্য বিষয়াই আৰ্জেণ্টিনাৰ দলত থকা চাৰিজন খেলুৱৈক ক’ভিড-১৯ প্ৰট’ক’ল ভংগ কৰাৰ অভিযোগ তোলে যাৰ ফলত খেলখন বাতিল কৰিব লগা হয়।

ব্ৰাজিলৰ ৰাষ্ট্ৰীয় স্বাস্থ্য নিৰীক্ষণ সংস্থাৰ মতে, প্ৰিমিয়াৰ লীগত খেলা গিওভানি লো চেলচো, এমিলিয়ানো মাৰ্টিনেজ, এমিলিয়ানো বুয়েণ্ডিয়া আৰু ক্ৰিষ্টিয়ান ৰোমেৰোয়ে ব্ৰাজিলত প্ৰৱেশ কৰাৰ পিছত ক’ভিড টেষ্ট ৰিপৰ্টত “মিছা তথ্য” প্ৰদান কৰিছিল। চাৰিজন খেলুৱৈৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁলোকে ব্ৰাজিলত উপস্থিত পূৰ্বে কোৱাৰেন্টিনত থকাৰ সলনি ব্ৰিটেইনত সময় অতিবাহিত কৰিছিল। যিহেতু ২৩ জুনত ব্ৰাজিল চৰকাৰে দিয়া এক নিৰ্দেশনা মতে কৰোনা ভাইৰাছৰৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ যুক্তৰাজ্য, ভাৰত বা দক্ষিণ আফ্ৰিকাৰ যিকোনো বিদেশী ব্যক্তিৰ ব্ৰাজিলত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল। অৱশ্যে আৰ্জেণ্টিনাৰ খেলুৱৈ সকলে ইয়াকেলৈ প্ৰতিবাদ কৰে যদিও খেলখন শেষত বাতিল কৰা হয়। উল্লেখ্য যে, PSGত মেছিৰ যোগদানৰ পিছত নেইমাৰৰ বিপক্ষে খেলাৰ সুযোগ এইখন মেচতে আছিল যদিও সেই আশা পূৰণ নহ’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...