তালিবানক সমৰ্থন কৰা ভাৰতীয় মুছলমানক সকীয়নি নাছিৰুদ্দিন শ্বাহৰ

বৰ্ষীয়ান অভিনেতা নাছিৰুদ্দিন শ্বাহে সেই ‘ভাৰতীয় মুছলমানসকলৰ’ বিৰুদ্ধে দৃঢ়ভাৱে মুখ খুলিছে যিসকলে ‘আফগানিস্তানত তালিবানৰ ক্ষমতা ঘূৰি অহাৰ বাবে উছাহ উদ্দীপনা প্ৰদৰ্শন কৰিছে’। ইয়াক বিপদজনক বুলি অভিহিত কৰি নাছিৰুদ্দিনে শ্বাহে এটা ভিডিঅ’ত কয়, “যদিও আফগানিস্তানত তালিবানৰ ক্ষমতা পুনৰুদ্ধাৰ সমগ্ৰ বিশ্বৰ বাবে সতৰ্কতাৰ উৎস, কিছুমান বৰ্বৰ ভাৰতীয় মুছলমানৰ উদযাপন একেবাৰে ক্ষতিকাৰক”।

৭১ বছৰীয়া অভিনেতাজনৰ মতে যিসকলে তালিবানৰ পুনৰুত্থান উদযাপন কৰে, তেওঁলোকে তেওঁলোকৰ আত্মসন্মান ৰক্ষা কৰিব বিচাৰে নে পুৰণি বৰ্বৰতাৰ সৈতে জীয়াই থাকিব বিচাৰে সেয়া বিবেচনা কৰা উচিত।

তেওঁ হিন্দুস্তানী ইছলাম আৰু ইছলামৰ মাজত পাৰ্থক্য বিচাৰি উলিয়াই কৈছিল যে, ভাৰতৰ ইছলাম পৃথিৱীৰ সকলো ইছলামৰ পৰা পৃথক। কিন্তু একাংশ ভাৰতীয় মুছলমানৰ কৰ্মকাণ্ডকলৈ ভীষণ লজ্জিত অভিনেতাজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...