সচাঁ হ’ল বাইডেনৰ সতৰ্কবাণী! পুনৰ আক্ৰমণৰ লক্ষ্য কাবুল

আই এছ আই এছ-খোৰাচানে কেইবাটাও ভয়ংকৰ বিস্ফোৰণ সংঘটিত কৰাৰ তিনিদিন পিছত কাবুলৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত আজি আন এটা বিস্ফোৰণ সংঘটিত হয়। কাবুলৰ আৰক্ষী প্ৰধান ৰছিদে জনোৱা অনুসৰি, দেওবাৰে আবেলি কাবুলৰ ১১সংখ্যক নিৰাপত্তা জিলাৰ বিমানবন্দৰৰ নিকটৱৰ্তী খাজেহ বাঘৰাৰ গুলাই অঞ্চলৰ এটা আৱাসিক ঘৰত ৰকেটে খুন্দা মাৰে।

প্ৰাথমিক প্ৰতিবেদন অনুসৰি, দুজন লোক নিহত হয় আৰু আন তিনিজন আহত হয়। এটা ভিডিঅ’ত, কাবুল বিমানবন্দৰৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত থকা এটা অট্টালিকাৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল। অৱশ্যে, এতিয়ালৈকে কোনো গোটে আক্ৰমণৰ দ্বায়িত্ব স্বীকাৰ কৰা নাই।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক আক্ৰমণ

আমেৰিকা যুক্তৰাষ্ট্ৰই দেওবাৰে কাবুলত সামৰিক আক্ৰমণ চলাইছিল, ৰয়টাৰৰ এক প্ৰতিবেদনত দুজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াৰ উদ্ধৃতি দিয়া হৈছিল। বিষয়াসকলে নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে ড্ৰোন আক্ৰমণত সন্দেহযুক্ত আইএছআইএছ-কে উগ্ৰপন্থীক লক্ষ্য কৰি লোৱা হৈছিল। উল্লেখ্য যে, কাবুল বিমানকোঠত আত্মঘাতী আক্ৰমণৰ পিছতে এই ঘটনাত জড়িতসকলক বিশ্বৰ যিকোনো ঠাইৰ পৰা বিচাৰি উলিয়াই হত্যা কৰা হ’ব বুলি মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে সকীয়াই দিয়াৰ পিছতে পুনৰ সন্ত্ৰাসবাদী আত্মঘাতী আক্ৰমণৰ শংকা ঘণীভূত হৈছিল। ৩৬ ঘন্টাৰ ভিতৰতে কাবুল বিমানকোঠত আক্ৰমণ সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...

অসমৰ বিদ্যালয়ত প্ৰয়োগ হ’ব কৃত্ৰিম বুদ্ধিমত্তা: ৬টা প্ৰতিষ্ঠান আৰু IIT মাদ্ৰাজৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি

অসমৰ শিক্ষাখণ্ডত কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ...