অসমীয়াৰ ধন আৰু ধৰ্ম ৰক্ষাৰ বাবে প্ৰয়োজন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন : কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ বাবে ২০১৩চনৰ পৰা সমগ্ৰ দেশতে সজাগতা অভিযান চলাই থকা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় সংৰক্ষক তথা ভাৰত চৰকাৰৰ মন্ত্ৰী গিৰিৰাজ সিঙে শনিবাৰে ফাউণ্ডেশ্যনৰ উত্তৰ পূৱ ভাৰত ক্ষেত্ৰ আৰু অসম প্ৰান্তৰ আধিকাৰীৰ লগত গুবাহাটীৰ ৰেডিচন ব্লু হোটেলত এক বিশেষ বৈঠকত মিলিত হয়। পূৰ্বত্তৰ ক্ষেত্ৰৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডে, সংগঠন মন্ত্ৰী ড৹ শুভজিত চৌধুৰী, মিডিয়া প্ৰমুখ মনোজ সিং, অসম প্ৰান্তৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মা আৰু সংযোজক ড৹ জ্ঞানেন্দ্ৰ বৰ্মনৰ উপস্থিতত হোৱা এক আলোচনাৰ জৰিয়তে জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ বাবে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভাৰতত চলাই থকা অভিযানৰ সবিশেষ বুজ লয়। বলিষ্ঠ ৰাষ্ট্ৰবাদী নেতা তথা ভাৰত চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ মন্ত্ৰী গিৰিৰাজ সিং জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ কাৰ্যকৰ্তা সকলক দেশৰ সুৰক্ষা আৰু উন্নয়ণৰ স্বাৰ্থত জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ বাবে সজাগতা অভিযান চলাই এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰনয়নৰ সপক্ষে সমাজৰ সকলো স্তৰৰ লোকৰে মাজত এক বিশেষ সংহতি স্থাপন কৰিবলৈ আহ্বান জনায়। ভাৰত চৰকাৰ মন্ত্ৰী গৰাকীয়ে অসম আৰু অসমীয়াৰ ধন আৰু ধৰ্ম সুৰক্ষাৰ বাবেই এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন শীঘ্ৰে প্ৰণয়ন কৰা প্ৰয়োজন বুলি মত পোষণ কৰে। ধন মানে মাটি ভেটি আৰু ধৰ্ম মানে কৃষ্টি-সংস্কৃতি, পূজা আৰু নাৰী শক্তিৰ সুৰক্ষা বুলি উল্লেখ কৰি ভাৰত চৰকাৰৰ মন্ত্ৰী তথা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় সংৰক্ষক গিৰিৰাজ সিং অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা শক্তিশালী মনোভাবক আদৰণীয় পদক্ষেপ বুলি কোৱাৰ লগতে অসম তথা ভাৰত বৰ্ষৰ সুৰক্ষা বাবে সমগ্ৰ দেশজুৰি এক কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰাৰ বিষয়ে এক শক্তিশালী আৰু মাৰ্গদৰ্শনকাৰী বাৰ্তা প্ৰেৰণ কৰে। মন্ত্ৰী গিৰিৰাজ সিঙে পূৰ্বতেও জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ বিভিন্ন কায্যক্ৰমত অসমৰ জনসংখ্যা বিস্ফোৰণক লৈ চিন্তা প্ৰকট কৰি আহিছে। মন্ত্ৰী গৰাকীৰ কেইবাদিনীয়া উত্তৰ পূৱ ভাৰত ভ্ৰমণ কায্যসুচীত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ লগতো আলোচনা সভা আয়োজন কৰাৰ বাবে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে মন্ত্ৰী গিৰিৰাজ সিঙক ধন্যবাদ জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...