ম্যানচেষ্টাৰ ইউনাইটেডৰ সৈতে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ দুবছৰীয়া চুক্তি স্বাক্ষৰ

ম্যানচেষ্টাৰ ইউনাইটেডে শুকুৰবাৰে দুবছৰীয়া চুক্তিত জুভেণ্টাছৰ পৰা পৰ্তুগালৰ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোক স্বাক্ষৰ কৰাৰ দৌৰত জয়লাভ কৰে। ক্লাবৰ এক বিবৃতিত কোৱা হৈছে, “ব্যক্তিগত চৰ্তাৱলী, ভিছা আৰু চিকিৎসাৰ সন্মতি সাপেক্ষে ক্লাৱটোৱে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ স্থানান্তৰৰ বাবে জুভেণ্টাছৰ সৈতে চুক্তিত উপনীত হৈছে বুলি নিশ্চিত কৰি ম্যানচেষ্টাৰ ইউনাইটেড আনন্দিত হৈছে।”

“পাঁচবাৰৰ বেলন ডি’অৰ বিজয়ী ক্ৰিষ্টিয়ানোৱে এতিয়ালৈকে তেওঁৰ কেৰিয়াৰত ৩০টাতকৈও অধিক মুখ্য ট্ৰফী জিকিছে, যাৰ ভিতৰত আছে পাঁচটা উৱেফা চেম্পিয়নছ লীগ খিতাপ, চাৰিটা ফিফা ক্লাৱ বিশ্বকাপ, ইংলেণ্ড, স্পেইন আৰু ইটালীত সাতটা লীগ খিতাপ আৰু তেওঁৰ জন্মস্থান পৰ্তুগালৰ বাবে ইউৰোপিয়ান চেম্পিয়নশ্বিপ। ম্যানচেষ্টাৰ ইউনাইটেডৰ হৈ তেওঁৰ প্ৰথম স্পেলত, তেওঁ ২৯২খন খেলত ১১৮টা গ’ল কৰিছিল।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...

বিশ্ব সুন্দৰী প্ৰতিযোগিতা ২০২৬; বিশ্বৰ মঞ্চত জিলিকিল ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী ম’লা ডমিংগুৱেজ

ভিয়েটনামৰ ন্যা ট্ৰাং চহৰত অনুষ্ঠিত ৭৩সংখ্যক মিছ ৱৰ্ল্ড ২০২৬ৰ...