জনজাতিকৰণৰ দাবীৰে ১ ছেপ্তেম্বৰৰ পৰা টাই আহোম যুৱ পৰিষদৰ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী

টাই আহোম যুৱ পৰিষদৰ সংবাদমেল। আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবী। কংগ্ৰেছ-বিজেপি সকলোৱে নিৰ্বাচনী আহিলা হিচাপেহে জনজাতিকৰণৰ বিষয়টো লোৱাক লৈ ক্ষোভ টাই আহোম যুৱ পৰিষদৰ। শীঘ্ৰে আহোম জনগোষ্ঠীক স্বায়ত্ত্ব শাসন প্ৰদান নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে সংগঠনটোৱে। ১ ছেপ্তেম্বৰৰ পৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব সংগঠনটোৱে। দাবী মানি নল’লে উজনি অসম অচল কৰি দিয়াৰো হুংকাৰ। উজনি অসমত থকা তৈলক্ষেত্ৰ বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে টাই আহোম যুৱ পৰিষদে।

  • আহোম জনগোষ্ঠীৰ উন্নয়নৰ বাবে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ১২৫ কোটি টকা শীঘ্ৰে মোকলাই দিয়াৰ দাবী।
  • মৈদাম সমূহৰ সংৰক্ষণ আৰু সুৰক্ষা নিশ্চিত কৰাৰ দাবী টাই আহোম যুৱ পৰিষদৰ।
  • আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী-বিধায়কক আহোমৰ ঐতিহ্য আৰু স্মৃতি সংৰক্ষণ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান।
  • বুৰঞ্জী আৰু ভূগোল বিষয়ক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন ৰাজ্য চৰকাৰক। অসম বুৰঞ্জী নিখুঁতকৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰো দাবী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...