তালিবানক সমৰ্থন : জমিয়ত অসম, AIUDFৰ সা:সম্পাদকক গ্ৰেপ্তাৰ

তালিবানক সমৰ্থন কৰি দৰঙত গ্ৰেপ্তাৰ হ’ল মৌলানা ফজুল কৰিম। কাছিমিয়ে সামাজিক মাধ্যমযোগে তালিবানৰ সমৰ্থনত পোষ্ট কৰা পৰিলক্ষিত হৈছিল। জমিয়ত অসমৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকৰ লগতে AIUDFৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল মৌলানা ফজুল কৰিম। মঙলদৈ আৰক্ষীয়ে বৰ্তমান ফজুল কৰিমক সোধা পোছা অব্যাহত ৰাখিছে।

আনহাতে, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ MBBSৰ তৃতীয় বৰ্ষৰ ছাত্ৰ নাডিম আখটাৰক শুকুৰবাৰে হাইলাকান্দি জিলাৰ নিজা বাসগৃহৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে, হাইলাকান্দি থানাত পঞ্জীয়নভূক্ত গোচৰৰ বিপৰীতে ধৃত নাডিমৰ ওপৰত তদন্ত আৰম্ভ কৰিছে বুলি শোণিতপুৰৰ আৰক্ষী অধীক্ষক ধনঞ্জয় ঘনাৱটে আজি সাংবাদিকৰ আগত সদৰি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...