কাবুল বিমানবন্দৰৰ সমীপত শতাধিক ভাৰতীয়ক অপহৰণ; অভিযোগ খণ্ডন তালিবানৰ

আফগানিস্তানৰ স্থানীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি শনিবাৰে পুৱা হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰৰ এটা অঞ্চলৰ পৰা স্থানান্তৰৰ বাবে অপেক্ষা কৰি থকা প্ৰায় ১৫০জন লোকক অপহৰণ কৰাৰ কথা পোহৰলৈ আহিছিল, যাৰ ভিতৰত বেছিভাগ ভাৰতীয় নাগৰিক আছিল বুলি সন্দেহ কৰা হৈছিল।

অৱশ্যে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এতিয়ালৈকে বিষয়টো সম্পৰ্কে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই প্ৰতিবেদনটোত দাবী কৰা হৈছে যে, অপহৃত লোকসকলক এটা অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছে আৰু তেওঁলোকৰ ফোনবোৰো জব্দ কৰা হৈছে।

স্পুটনিকৰ হৃষীকেশ কুমাৰৰ মতে, অপহৃত সকলৰ ভিতৰত কেইবাজনো আফগান শিখ আৰু নাগৰিক আছিল কিন্তু বেছিভাগেই সাধাৰণ ভাৰতীয় আছিল। মহিলা আৰু শিশুসহ লোকসকল পুৱা ১ বজাত বিমানবন্দৰত উপস্থিত হৈছিল কিন্তু প্ৰৱেশ কৰিব পৰা নাছিল।

কুমাৰে জনাইছিল যে তাৰ পিছতে, তালিবানী সদস্য সকল আহি তেওঁলোকৰ কিছুমানক প্ৰহাৰ কৰিছিল আৰু সকলোকে কাবুলৰ টাৰ্খিললৈ লৈ গৈছিল। কিছু সংখ্যকে চলন্ত গাড়ীখনৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল, কুমাৰে জনায়।

অৱশ্যে, তালিবানৰ মুখপাত্ৰ আহমেদুল্লাহ ৱাছেকে কাবুলৰ পৰা প্ৰায় ১৫০জন ভাৰতীয় নাগৰিকৰ অপহৰণৰ অভিযোগ নাকচ কৰিছে। ভাৰতীয় বায়ু সেনাই ইয়াৰ চি-১৩০জে পৰিবহণ বিমানত কাবুলৰ পৰা ৮৫জনতকৈও অধিক ভাৰতীয় নাগৰিকক স্থানান্তৰ কৰিবলৈ সক্ষম হোৱাৰ কেইঘণ্টামান পিছত এই খবৰ বিয়পি পৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং: আজিৰে পৰা জুনিয়ৰ, ছাৱ-জুনিয়ৰ শাখাৰ খেল

গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা...

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...