সুস্মিতা OUT নৈঋিতা IN…

সুস্মিতা দেৱে দল এৰি গ’ল। প্ৰায় একে সময়তেই ৰাজীৱ ভৱনত আহি সোমালহি এক তৰুণী। তৃণমূলমুখী সুস্মিতা দেৱৰ পৰা কেমেৰা আৰু প্ৰচাৰ মাধ্যমৰ মুখ খন্তেকৰ বাবে হ’লেও এই সুন্দৰী গ্লেমাৰাছ তৰুণীৰ পিনে ঘূৰি গ’ল। মঙলবাৰে গুৱাহাটীৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সভাপতি ভূপেন বৰাৰ উপস্থিতিত দলত যোগ দিলে নৈঋিতা
জয়শুক্লই! কোন এই নৈঋিতা?

নৈঋিতা জয়শুক্লাৰ ককাক আছিল কৰিমগঞ্জ লোকসভা সমষ্টিৰ তিনিবাৰৰ কংগ্ৰেছী সাংসদ ললিত মোহন শুক্লবৈদ্য। নতুন দিল্লীত শিক্ষা সমাপ্ত কৰা নৈঋিতা দিল্লীৰ ৰামজাছ কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা। বাকপটু আৰু সুন্দৰী নৈঋিতাই আগন্তুক দিনত বৰাকত কংগ্ৰেছৰ নেতৃত্ব ল’ব নেকি তাকে লৈ চৰ্চা চলিছে বৰাক উপত্যকাৰ লগতে অসমৰ ৰাজনীতিত। জাতীয় কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলত নৈঋিতাই যোগদান কৰাৰ সময়ত অনুষ্ঠানত উপস্থিত আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ আৰু সাধাৰণ সম্পাদকদ্বয় ববিতা শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...