মই CM হৈ থকালৈকে বৰঝাৰ বিমানবন্দৰৰ নাম সলনি কৰিব নিদিওঁ : হিমন্ত বিশ্ব

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম সলনি কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াক লৈ বিতৰ্কৰো সৃষ্টি হৈছে ইতিমধ্যে। বুধবাৰে বিতৰ্কিত বিষয়টোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে প্ৰতিক্ৰিয়া। কোনো কাৰণত নাম সলনি নহয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ। আদানী গ্ৰুপক চোৱাচিতাৰ দায়িত্ব দিয়া বিমান বন্দৰটোৰ নাম হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে সলনি কৰিবলৈ নিদিয়ে বুলি জনাইছে মুখ্যমন্ত্ৰীজনে। উল্লেখ্য যে, আদানী গ্ৰুপে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ দায়িত্ব লোৱাৰ পিচতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...