লালকিল্লাত পতাকা উত্তোলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস। দেশজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন। লালকিল্লাত পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন। ক’ভিড প্ৰট’কল মানি উদযাপন কৰা স্বাধীনতা দিৱসত পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ।

আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস। দেশজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন দেশৰ স্বাধীনতা প্ৰাপ্তিৰ দিনটো। লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ শৌৰ্য বীৰ্যৰ প্ৰতীক পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বৃটিছৰ কবলৰ পৰা বহু সংগ্ৰাম আৰু আন্দোলনৰ মাজেৰে ১৯৪৭ চনৰ আজিৰ দিনটোতেই পৰাধীনতাৰ শিকলি ছিঙি মুক্ত হৈছিল ভাৰতীয়। দেশৰ স্বাধীনতা প্ৰাপ্তিৰ লগত জড়িত হৈ আছে বহু মনীষীৰ ত্যাগ আৰু আত্মবলিদান।সেই সকল মহান লোকলৈ দেশজুৰি আজি স্মৰণ কৰিব জনতাই। অসমতো ক’ভিড বিধি মানি উলহ মালহেৰে উদযাপন স্বাধীনতা দিৱস।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...