বছৰৰ দ্বিতীয়টো বানত প্লাৱিত নামনি অসম

নামনি অসমৰ চিৰাং,বঙাইগাঁৱত ইখনৰ পিচত সিখন গাঁও জলমগ্ন হৈছে। ফেনে ফোটোকাৰে বাঢ়িছে আই, নাঙলভাঙা, মাক্ৰাকে আদি কৰি কেবাখনো নৈৰ জলপৃষ্ঠ। শুকুৰবাৰৰ নিশাৰ পৰা বৃদ্ধি পোৱা নৈৰ বাঢ়নি পানী সোমাইছে কেইবা শতাধিক গাঁৱত। বাঢ়নি পানীয়ে উটুৱাই নিছে ৰাইজৰ ঘৰ বাৰী। হঠাৎ ভূটানৰ পৰা নামি অহা পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে নামনি অসমৰ চিৰাং আৰু বঙাইগাঁও জিলাত।

ইফালে বঙাইগাঁৱতো বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। হুৰাহোৰে বৃদ্ধি পোৱা আই নৈৰ পানী সোমাইছে ঝাৰাগুৰীত। বানত ডুব গৈছে তিনিশৰো অধিক পৰিয়ালৰ ঘৰবাৰী। ঝাৰাগুৰী মথাউৰি ছিঙি নিয়ে আই নৈৰ পানীয়ে। ফলত দ্ৰুত গতিত বৃদ্ধি পাইছে জলস্তৰ। ইখনৰ পিচত সিখন গাঁও বানত পৰিছে বঙাইগাঁৱত। ঝাৰাগুৰীত তিনিশ পৰিয়াল আৱদ্ধ হৈ পৰে বান পানীত। উত্তৰ অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চলো ডুব গৈছে বাঢ়নি পানীত। কীৰ্তনপাৰা-ডাঙাইগাঁও সংযোগী পকী পথৰ ওপৰেদি বাঢ়নি পানী বাগৰাৰ লগতে অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ কেইবাখনো গাঁও বানৰ কৱলত পৰিছে। ভূটানৰ পৰা নামি অহা পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে জিলাখনত। বানত আবদ্ধ হৈ পৰিছে বহু লোক, পশুধন আদি। খাদ্যৰ সংকটতো ভুগিছে বানাক্ৰান্ত সকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভয়ংকৰ দুৰ্ঘটনাত জামুগুৰিহাটত থিতাতে নিহত এজন

কোলাত ৫ মহীয়া সন্তান, দুৰ্ঘটনাত পতিত পিতৃ-মাতৃ। ভয়ংকৰ দুৰ্ঘটনাত...

প্ৰেমজনিত কাৰণতেই সংঘটিত হ’ল নেকি ৰূপহীহাটৰ গড়াজানৰ হত্যাকাণ্ড?

ৰূপহীহাটৰ গড়াজানত যোৱা ২২ নৱেম্বৰত সংঘটিত ঘটনাই আজিও শোকবিহ্বল...

অৱশেষত আৰক্ষীৰ জালত ডিমৌৰ ২ ধৰ্ষণকাৰী

অৱশেষত আৰক্ষীৰ জালত ডিমৌৰ ২ ধৰ্ষণকাৰী। সুনীল তপ্ন আৰু...

এটা উদ্বেগজনক কাণ্ডই জোকাৰিছে ডুমডুমা

কোন দিশে গতি কৰিছে সমাজ! ভুল ক’ত? অভিভাৱকৰ সংস্কাৰত...