গুৱাহাটী : ক’ভিড প্ৰট’কল উলংঘা; কোকেইনসহ বাৰ্থ ডে’ পাৰ্টী! ১৭জনক আটক

মহানগৰীৰ খাৰঘুলিৰ ৰিভেৰিয়া এপাৰ্টমেন্টত আৰক্ষীৰ অভিযান। ক’ভিড প্ৰট’কল ভংগ কৰি নিশা জন্মদিন উদযাপন এপাৰ্টমেন্টত। ৰিভেৰিয়া এপাৰ্টমেন্টৰ তৃতীয় মহলাত নিশা চলিছিল পাৰ্টি। অমৃত বৰুৱা নামৰ এজন লোকৰ জন্মদিন উদযাপন। জন্মদিন উদযাপনৰ নামত মাজনিশালৈ চলিছিল পাৰ্টী। কোকেইনসহ জন্মদিনৰ পাৰ্টীত অংশগ্ৰহণ কৰিছিল বহুতে। ১৭গৰাকী পুৰুষ-মহিলাক আটক লতাশিল আৰক্ষীৰ।

এই ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰে। অসম আৰক্ষীৰ এই সফলতাক প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰীয়ে। ঘটনা সম্পৰ্কত আটক কৰিছে বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰিয়া, চয়ন শইকীয়া,অমিত পেগু,অমতি বৰুৱা, অশোক বৰ্মন, হিৰেন্দ্ৰ সিনহা, ৰিদিপ বৰুৱা,সিদ্ধাৰ্থ বৰঠাকুৰ,মহম্মদ ফাহাদ ফাৰী আলি,ৰাকেশ বৰগোহাঁই,দেৱযানী হাজৰিকা, জুবী বৰুৱা,নয়নিকা বেৰিয়া, নিমিশা ভূঞা, দেৱৰ্ষি বেৰিয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...