গুৱাহাটী, ১০ আগষ্ট, NKTV: পশ্চিম বংগত সংঘটিত এটা আশ্বৰ্যজনক ঘটনা পোহৰলৈ অহাৰ পিছতেই ব্যাপত আলোড়নৰ সৃষ্টি হৈছে। পশ্চিমবংগৰ অমতা বিধানসভাৰ বাগনান অঞ্চলত সংঘটিত এই ঘটনাই বিজেপি আৰু তৃণমূল কংগ্ৰেছ দলৰ মাজতো বিতৰ্কৰ সৃষ্টি কৰিছে। এজন বিজেপ কাৰ্যকৰ্তাই তেওঁৰ বোবা পত্নীক তৃণমূল কংগ্ৰেছী নেতাৰ এটা পাচজনীয়া দলে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তৃণমূল কংগ্ৰেছৰ নেতা কেইজনৰ বিৰুদ্ধে বিজেপ কাৰ্যকৰ্তাজনে দাখিল কৰা এহাজাৰৰ ভিত্তিত আৰক্ষীয়ে দুজন জনাজাত তৃণমূল কংগ্ৰেছী নেতা আটক কৰিছে। পীড়িত মহিলাগৰাকীৰ ওপৰত পাচজন লোকে মিলি এই দুষ্কাৰ্ষ কাৰ্য সংঘটিত কৰা কথা বিজেপি কৰ্মকৰ্তাজনে জানিবলৈ দিছে। অভিযোগ অনুসৰি শনিবাৰে এই ঘটনাটো সংঘটিত হৈছিল। আটকাধীন লোক কেইজনক আজি উলৱেৰিয়া চাব-ডিভিজন ক’ৰ্টত হাজিৰ কৰোৱা হ’ব।