অত্যাধিক ওজনে কেনেকৈ ভাগ্য সলনি কৰিছিল নীৰজৰ?

নীৰজ চোপ্ৰাই কেইসপ্তাহমান পূৰ্বে ফিনলেণ্ডৰ বিমানবন্দৰলৈ যোৱাৰ পথত জাৰ্মানৰ জোহানেছ ভেটাৰৰ পৰা লিফ্ট পাইছিল। এই বছৰ বিশ্বৰ শ্ৰেষ্ঠ জেভলিন থ্ৰোৱাৰ জোহানেছ ভেটাৰৰ সৈতে হোৱা মুখামুখি সন্দৰ্ভত নীৰজে কয়, “মোৰ ইংৰাজী শক্তিশালী নহয় কিন্তু আমি কিছু সময়ৰ বাবে আমাৰ দেশ, আমাৰ জন্মভূমিৰ বিষয়ে কথা পাতিছিলো।” সেই অন্তৰংগ মূহুৰ্তটোৱে হয়তো নীৰজক উপলব্ধি কৰাত সহায় কৰিছিল যে ভেটাৰো তেওঁৰ দৰে এজন প্ৰতিযোগী আছিল আৰু সেয়েহে পৰাজিত হ’ব পাৰে।

নীৰজ এজন অধিক ওজনৰ শিশু আছিল, আৰু অলপ অস্থিৰো আছিল, পাণিপথৰ নিকটৱৰ্তী খান্দ্ৰা গাঁৱত তেওঁৰ জন্ম। যিহেতু পৰিয়ালৰলোকে তেওঁক ব্যস্ত ৰাখিব বিচাৰিছিল, সেয়েহে তেওঁৰ খেতিয়ক পিতৃয়ে তেওঁক শিৱাজী ষ্টেডিয়ামলৈ লৈ গৈছিল। তেওঁ জেভলিনৰ উপৰিও আন বহু খেলো চেষ্টা কৰিছিল। তেওঁ দৌৰিবলৈ বেছি ভাল পোৱা নাছিল কিন্তু যেতিয়া তেওঁ কেইজনমান ডাঙৰ মানুহক জেভলিন দলিয়াই থকা দেখিছিল, তেওঁৱো চেষ্টা কৰিব বিচাৰিছিল।

আৰু যেতিয়া নীৰজে অনুভৱ কৰিলে যে তেওঁ জেভলিন বেছ ভালকৈ দলিয়াব পৰা হৈছে, লগে লগে তেওঁ এই খেলৰ প্ৰতি অধিক দূৰ্বলতা অনুভৱ কৰিব আৰম্ভ কৰিলে। ২০১৬ চনত পোলেণ্ডত অনুষ্ঠিত হোৱা ২০ বছৰ উৰ্দ্ধৰ ৱৰ্ল্ডছৰ বাবে নীৰজক প্ৰশিক্ষণ দিয়া অষ্ট্ৰেলিয়ান প্ৰশিক্ষক গেৰী কেলভাৰ্টে কয়, “জেভলিন থ্ৰোৰ বাবে নীৰজ এজন ‘Natural’ ব্যক্তি। উল্লেখ্য যে, বহু কেইগৰাকী প্ৰশিক্ষকে ব্যক্ত কৰা অনুসৰি ২০২০ চনৰ অলিম্পিক এবছৰ পিছুৱাই দিয়াটো ভাৰতীয়সকলৰ বাবে আশীৰ্বাদ হৈ পৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় দলত ৰোহিত যুগৰ অৱসান?

ইংলেণ্ডৰ বিৰুদ্ধে ১৯ জুলাইত লৰ্ডছত অনুষ্ঠিত হ'বলগীয়া তৃতীয় তথা...

কিশোৰ-কিশোৰীৰ বাবে ব্ৰিটেইন চৰকাৰৰ কঠোৰ পদক্ষেপ: মাজনিশাৰ পৰা পুৱালৈ ছ’চিয়েল মিডিয়াত থাকিব ‘কাৰফিউ’

ডিজিটেল আসক্তি আৰু মানসিক স্বাস্থ্যৰ ক্ষতিৰ পৰা কিশোৰ-কিশোৰীসকলক সুৰক্ষিত...

২৪ ঘণ্টাৰ ভিতৰতে সিদ্ধান্ত সলনি ড’নাল্ড ট্ৰাম্পৰ: উপসাগৰীয় দেশসমূহৰ হেঁচাত বাতিল হ’ল হৰমুজ প্ৰণালীৰ ২০% শুল্ক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেওঁৰ এক নাটকীয় সিদ্ধান্তৰ...

ফিফা বিশ্বকাপ ২০২৬: একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত আৰ্জেণ্টিনা; অনুৰাগীলৈ আৱেগিক বাৰ্তা লিয়নেল মেছিৰ

ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই পুনৰ এবাৰ ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ...