এখন লীগকলৈ BCCI-PCBৰ শীতল যুদ্ধ

পাক অধিকৃত কাশ্মীৰত হ’ব লগা এখন ক্ৰিকেট লীগকলৈ চলিছে তুমুল বিতৰ্ক

এই বিশেষ লীগখনৰ বাবে BCCI আৰু PCBৰ মাজত চলিছে শীতল যুদ্ধ

হাৰ্চেল গিবচৰ এটা টুইটৰ পিছতে ক্ৰিকেট মহলত লাগিছে তোলপাৰ

দুই চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানৰ মাজত বছৰ বছৰ ধৰি কাশ্মীৰকলৈ সংঘাত চলি আহিছে। কাশ্মীৰকেন্দ্ৰিক সংঘাতৰ লগতে সীমা বিবাদকলৈও একাধিকবাৰ দুই ৰাষ্ট্ৰৰ মাজত সংঘৰ্ষও হৈ গৈছে। কিন্তু এইবাৰ সীমা বিবাদকলৈ নহয়, দুয়োখন দেশৰে প্ৰিয় খেল ক্ৰিকেটকলৈ চলিছে তুমুল সংঘাত। পাকিস্তান ক্ৰিকেট বোৰ্ডে পাক অধিকৃত কাশ্মীৰত এখন বিশেষ ক্ৰিকেট লীগ অনুষ্ঠিত কৰাৰ বাবে চলাই আছে যো-জা। ৬ আগষ্টৰ পৰা ১৭ আগষ্টলৈ চলিব এই লীগ। এই  বিতৰ্কিত লীগখনত দক্ষিণ আফ্ৰিকাৰ হাৰ্চেল গিবচৰ লগতে ইংলেণ্ডৰ বহু প্ৰাক্তন খেলুৱৈয়ে ভাগ লোৱাৰ কথা আছিল যদিও BCCIৰ হেঁচাৰ পিছত এই সকল খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ আশা খীণ। গিবচে ইয়াক লৈ কৰা এক টুইটত লিখিছে ‘পাকিস্তানৰ সৈতে ভাৰতৰ ৰাজনৈতিক সমীকৰণ আৰু মোক কেপিএলত অংশ নল’বলৈ হেচাঁ প্ৰয়োগ কৰা কথাটো সম্পূৰ্ণ অপ্ৰয়োজনীয়। লগতে  তেওঁ কয় যে ‘যদি মই কেপিএলত খেলো তেন্তে BCCIয়ে মোক ভাবুকি দি কৈছে যে তেওঁলোকে মোক ক্ৰিকেট সম্পৰ্কীয় কোনো কামৰ বাবে ভাৰতত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিব’

ইয়াৰ প্ৰত্যুত্তৰত BCCIৰ এজন বিষয়াই কয় ‘যদি কোনোবা বিদেশী খেলুৱৈ পাক অধিকৃত কাশ্মীৰত হ’ব লগা লীগ খেলে তেতিয়া হ’লে তেওঁলোক ভাৰতৰ কোনো ক্ৰিকেট কাৰ্যকলাপৰ অংশ হ’ব নোৱাৰে। পাকিস্তান চুপাৰ লীগ খেলা সকলৰ সৈতে আমাৰ কোনো সমস্যা নাই। কিন্তু এইখন পিঅ’কেৰ লীগ। আৰু আমি সেইটো কেতিয়াও মানি ল’ব নোৱাৰো। প্ৰতিযোগিতাখনৰ আৰম্ভণিতেৰাজনীতিবিদ আৰু পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰসকলৰ অংশগ্ৰহণ দেখা গৈছিল। পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ৱাছিম আক্ৰাম হ’ল কেপিএলৰ প্ৰতিষ্ঠাপক আৰু উপ-সভাপতি, আনহাতে শ্বাহিদ আফ্ৰিদি হৈছে লীগৰ খনৰ ব্ৰেণ্ড এম্বেচেডৰ। ইনজামাম-উল-হক, ছোৱেব মালিক, ছাইদ আজমল, উমাৰ গুল আৰু আব্দুল ৰজ্জাকও উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...