১৫ আগষ্টৰ পূৰ্বে দিল্লীক ৰক্তাক্ত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

গুৱাহাটী, ২০ জুলাই, NKTV: ১৫ আগষ্টৰ পূৰ্বে দিল্লীক ৰক্তাক্ত কৰাৰ পৰিকল্পনা পাকিস্তানৰ। ভাৰতৰ চোৰাংচোৱা সংস্থাই জাৰি কৰিছে এই সতৰ্কবাণী। কৰ’নাৰ ভয়াৱহ পৰিস্থিতিৰ পৰা কিছু স্বাভাৱিক হোৱা দিল্লীক ব্যাহত কৰাৰ ভয়ংকৰ পৰিকল্পনা পাকিস্তানৰ। ভাৰতীয় চোৰাংচোৱাই লাভ কৰা তথ্য অনুসৰি এইবাৰ আক্ৰমণৰ নতুন মাধ্যম অৱলম্বন কৰিছে চিৰবৈৰী পাকিস্তানে। এইবাৰ ড্ৰোন আক্ৰমণৰ পৰিকল্পনা কৰিছে পাকিস্তানে। এই ড্ৰোন জেহাদৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বায়ু সেনাৰ মুখ্য কাৰ্যালয়ত এটা বিশেষ ড্ৰোন নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে প্ৰতিৰক্ষা মন্ত্রালয়ে।

সতৰ্কবাণী অনুসৰি, পাকিস্তানী সন্ত্রাসবাদীৰ দ্বাৰা ১৫ আগষ্টৰ পূৰ্বে দিল্লী ৰক্তাক্ত হ’ব পাৰে। উল্লেখ্য যে, ২০১৯ চনৰ ৫ আগষ্টত জম্মু আৰু কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বাতিল কৰা হৈছিল। যিটো সিদ্ধান্ত সহজভাৱে ল’ব পৰা নাছিল চুবুৰীয়া পাকিস্তানে। গতিকে ভাৰতৰ এই বিশেষ সিদ্ধান্তটোৰ বিৰুদ্ধে বাৰুদেৰে ক্ষোভ প্ৰকাশ কৰাৰ পোষকতা কৰিছে পাকিস্তানে।  ইতিমধ্যে নিৰাপত্তা সংস্থাসমূহে দিল্লী আৰক্ষীক এই বিষয়ে সতৰ্ক কৰি দিছে।

নিৰাপত্তা সংস্থাসমূহে জাৰি কৰা এক সতৰ্কবাণী অনুসৰি, কৰ’নাৰ অচিলা লৈ কূটাঘাত সংঘটিত কৰিবলৈ পাকিস্তানী সন্ত্রাসবাদীয়ে সহায় ল’ব পাৰে শ্লিপাৰ ছেলৰো। যাৰ বাবে প্ৰথমবাৰৰ বাবে, দিল্লী আৰক্ষীক ড্ৰোন আক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। একে সময়তে, নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি লালকিল্লাত স্থাপন কৰা হৈছে চাৰিটা এণ্টি-ড্ৰোন ছিষ্টেম।

নেচনেল ডেস্ক, এন.কে টিভি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...