উত্তৰ গুৱাহাটীবাসীৰ বাবে এটা সুখবৰ!

গুৱাহাটী, ২১ জুলাই, NKTV: ক’ভিডৰ বাবে একপ্ৰকাৰ বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা। বন্ধ আছে আন্তঃজিলা যাতায়াতকে ধৰি বহুকেইটা পৰিবহণ সেৱা। কিন্তু লাহে লাহে ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাত গুৱাহাটীৰ পৰিবহণ ক্ষেত্ৰসমূহ মুকলি কৰি দিব প্ৰশাসনে।

উত্তৰ গুৱাহাটীবাসীৰ বাবে এটা সুখবৰ
শীঘ্ৰেই আৰম্ভ হ’ব ৰ’পৱে সেৱা

উত্তৰ গুৱাহাটীবাসীৰ বাবে ৰ’পৱে সেৱা মুকলি হোৱাটো বৃহত্তৰ অঞ্চলটোৰ লোকসকলৰ বাবে যাতায়তৰ ক্ষেত্ৰত সুবিধা হ’ব। ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৬মে’ৰ পৰা বন্ধ ৰখা হৈছিল ৰ’পৱে সেৱা। শেহতীয়াকৈ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে পুনৰ আৰম্ভ কৰিব এই সেৱা। ক’ভিড প্ৰট’কল মানিহে ৰ’পৱেৰে পাৰাপাৰ হ’ব পাৰিব যাত্ৰীসকল। বৃহস্পতিবাৰৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰিব ৰ’পৱে। পুৱা ৮বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ চলিব এই সেৱা। আনহাতে পূৰ্বৰ তুলনাত ৰ’পৱে সেৱাৰ ভাৰা কিছু বৃদ্ধি কৰা হৈছে। সেই অনুসৰি পূৰ্বতে অহা-যোৱাৰ নামত ১০০ টকাৰ পৰিৱৰ্তে এইবাৰ প্ৰতিজন যাত্ৰীয়ে অহা যোৱাৰ বাবদ ভৰিব লাগিব ১৫০টকা। এবাৰ পাৰ হ’লে ৬০টকাৰ পৰিৱৰ্তে ১০০টকা ভৰিব লাগিব। অৱশ্যে ৩ বছৰৰ পৰা বাৰ বছৰ আৰু জ্যেষ্ঠ নাগৰিক সকলৰ ভাৰা হ্ৰাস কৰি আধা কৰা হৈছে।

পূৰ্বতকৈ ভাৰা বৃদ্ধি হ’লেও বিশেষভাৱে সক্ষম লোকৰ ক্ষেত্ৰত ভাৰা সম্পূৰ্ণ ৰেহাই দিয়া হ’ব। ক’ভিডৰ বাবে প্ৰায় দুমাহ ধৰি বন্ধ হৈ থকা ৰ’পৱে সেৱা পুনৰ মুকলি হোৱাৰ লগে লগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়াত ব্যৱস্থা সুচল হৈ উঠিব।

উত্তৰ গুৱাহাটীৰ পৰা বসন্ত কোঁৱৰৰ ৰিপৰ্ট, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...

‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত...

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...