কোন বিভাগ-কাৰ্যালয়ে দিবলৈ আছে কিমান টকাৰ বিজুলী বিল?

গুৱাহাটী, ১৯ জুলাই, NKTV: আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে ৬.১০ কোটি টকা বিজুলী বিল পৰিশোধ কৰিবলৈ আছে। বিধান সভাৰ মজিয়াত উন্মোচিত হৈছে এই কথা। বিধান সভাত দাখিল কৰা তথ্য অনুসৰি DGP কাৰ্যালয়ৰ IGP (SB)য়ে ৩৮ লাখ, আৰক্ষী গৃহ নিৰ্মাণ নিগমে ৬৩ লাখ, DGP (যোগাযোগ)ৰ কাৰ্যালয়ে ৬৩ লাখ, DIG (BORDER)ৰ কাৰ্যালয়ে ২২ লাখ, IGP (কাৰাগাৰ) কাৰ্যালয়ে ১১ লাখ আৰু সঞ্চালক (গৃহৰক্ষী) কাৰ্যালয়ৰ ১০ লাখ টকা দিবলৈ বাকী আছে। বিধান সভাত কংগ্ৰেছ বিধায়ক বসন্ত দাসৰ প্ৰশ্নৰ উত্তৰত শক্তি বিভাগৰ মন্ত্ৰীয়ে এই তালিকা দাখিল কৰিছে। সৰ্বাধিক ২৬.৮৪ কোটি টকা জনস্বাস্থ্য কাৰিকৰী বিভাগে, ১৫ কোটি টকা উপায়ুক্ত আৰু মহকুমাধিপতি কাৰ্যালয়ৰ বাবদ সাধাৰণ প্ৰশাসন বিভাগে দিবলৈ বাকী আছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ১২.৬২ কোটি, জলসিঞ্চন বিভাগে ১০.৩৩ কোটি, বন বিভাগে ৫.৭৩ কোটি, লোক নিৰ্মাণ বিভাগে ৪.৭৬ কোটি টকা দিবলৈ বাকী আছে। চৰকাৰী বিভাগসমূহে চৰকাৰক মুঠতে ১২৭.৫৬ কোটি টকা দিবলৈ বাকী আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...