৫ ঘন্টাৰ ক’ভিড পৰীক্ষা সামৰি টকিঅ’ৰ অলিম্পিক গেম ভিলেজত লাভলিনা

গুৱাহাটী, ১৮ জুলাই, NKTV: ইটালীত প্ৰশিক্ষণ সামৰি টকিঅ’ত গৈ উপস্থিত হৈছে মেৰীক’ম, লাভলিনাসহ ভাৰতীয় বক্সিং দলটো। শনিবাৰে নিশা ৰোমৰ পৰা যাত্ৰা কৰি আজি পুৱা ৮ মান বজাত টকিঅ’ আন্তজাৰ্তিক বিমান বন্দৰত উপস্থিত হয়গৈ ২২ জনীয়া ভাৰতীয় বক্সিং দলটো। বিমান বন্দৰত প্ৰায় ৫ঘণ্টাযোৰা ক’ভিড প্ৰট’কল সামৰি দলটোৱে পোনেপোনে যায় টকিঅ’ অলিম্পিকৰ আকৰ্ষণীয় গেম ভিলেজলৈ। গেম ভিলেজত দলটোক আদৰণি জনায় ভাৰতীয় অলিম্পিক দলৰ CHEF DE MISSION ‍বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। NKTVক বৈশ্যই জনোৱা মতে বিমান বন্দৰত যথেষ্ট কঠিন ক’ভিড পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতীয় দলটো। সেয়ে দলটোৱে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিবলৈ প্ৰায় ৫ ঘণ্টা সময়ৰ প্ৰয়োজন হয়।

বৈশ্যই লগতে কয় যে – টকিঅ’ত এতিয়ালৈকে উপস্থিত হোৱা আটাইকেইজন খেলুৱৈ হৈ আছে উজ্জীৱিত। টকিঅ’ত ভাৰতীয় বক্সিং দলে কেইবাটাও পদক পোৱাটো নিশ্চিত। পদক প্ৰত্যাশীৰ তালিকাত আছে লাভলিনা বৰগোহাঁই, মেৰীক’ম। ভাৰতীয় মল্লযুঁজ সন্থাৰ সভাপতি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য দলৰ CHEF DE MISSION হোৱা বাবে যথেষ্ট স্বস্তিত আছে লাভলিনা বৰগোহাঁই। লাভলিনাৰ খবৰ অনবৰতে লৈ থকা বুলিও জানিবলৈ দিয়ে NKTVক। বৈশ্যৰ মতে লাভলিনাক উজ্জীৱিত অৱস্থাত দেখিবলৈ পাই তেওঁ যথেষ্ট স্বস্তি অনুভৱ কৰিছে। লাভলিনাই পদক আজুৰি আনিব বুলি তেওঁ আশাবাদী বুলিও মন্তব্য কৰিছে ভাৰতীয় CHEF DE MISSION জনে।

NEWS DESK, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...