কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ

গুৱাহাটী, ১৪ জুলাই, NKTV:  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ। ক’ভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি ৰখা কৰ্মচাৰীৰ মৰগীয়া বানচ মুকলি কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। বুধবাৰে নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট মন্ত্ৰীসভাৰ বৈঠকে কৰ্মচাৰীৰ মৰগীয়া বানচ ১১ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। বৰ্তমানৰ ১৭ শতাংশৰ মৰগীয়া বানচৰ সৈতে এই বৃদ্ধিৰ পিছত মুঠ ২৮ শতাংশ মৰগীয়া বানচ লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ পৰাই মৰগীয়া বানচ বন্ধ কৰি ৰাখিছিল। মূল্য বৃদ্ধিৰ পৰা সকাহ দিবলৈ কেন্দ্ৰীয় কৰ্মচাৰীক এই বানচ প্ৰদান কৰা হয়। অসম চৰকাৰেও বিগত বৰ্ষৰ পৰা কৰ্মচাৰীৰ মৰগীয়া বানচ বন্ধ কৰি ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...