ৰাজস্থানত সন্ধান ওলাল কুম্ভকৰ্ণৰ

গুৱাহাটী, ১৪ জুলাই, NKTV: আপুনি বাৰু এটা দিনত কিমান ঘণ্টালৈ শুব পাৰে ? সাধাৰণতে এজন সুস্থ মানুহে ৬ৰ পৰা ৮ঘণ্টা আৰু তাতোকৈ বেছি হ’লে হয়তো ১০ঘণ্টালৈ শুব পাৰে, নহয় জানো! কিন্তু ৰাজস্থানৰ এজন ব্যক্তিয়ে ৮ পৰা ১০ ঘণ্টা নহয়, এটা মাহত ২৫ দিনলৈ শুই থাকি দিন পাৰ কৰিছে। উল্লেখযোগ্য যে, ৰাজস্থানৰ এই ব্যক্তিজনে বছৰৰটোৰ ৩০০ টা দিন শুইয়েই অতিবাহিত কৰিব পাৰে। এয়া অসম্ভৱ যেন লাগিলেও একেবাৰেই সত্য।
ৰাজস্থানৰ ভাৰ্ৱা গাঁৱৰ নিৱাসী পুৰ্খৰাম নামৰ এজন ৪২ বছৰীয়া ব্যক্তিয়ে বছৰটোৰ ৩০০ টা দিন শুই অতিবাহিত কৰাৰ কথা পোহৰলৈ আহিছে। ব্যক্তিজন এতিয়া সমগ্ৰ অঞ্চলতেই সঁচা জীৱনৰ কুম্ভকৰ্ণ ৰূপে চৰ্চা লাভ কৰিছে।
জানিব পৰা মতে পুৰ্খৰাম নামৰ ব্যক্তিজন ২৩ বছৰ পূৰ্বেই এটা বিৰল ৰোগত আক্ৰান্ত হৈছিল। axis hypersomnia নাম এই বিৰল ৰোগটোত আক্ৰান্ত হোৱাৰ বাবে পুৰ্খৰাম কেনেবাকৈ যদি শুই পৰিছে তেওঁক টোপনিৰ পৰা জগোৱাটো অধিক জটিল হৈ পৰে।
যদিও এজন সুস্থ ব্যক্তিয়ে দৰাচলতে ৬-৮ ঘণ্টা শুব লাগে কিন্তু কুম্ভকৰ্ণৰূপে খ্যাতি লাভ কৰা পুৰ্খৰামে এটা মাহত একেৰাহে ২৫ দিনলৈ শুই অতিবাহিত কৰে। যাৰবাবে পুৰ্খৰামে মাহত মাত্ৰ ৫ দিনৰ বাবেহে তেওঁ নিজৰ দোকানখন খুলিব পাৰে বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...