আজি নতুন কেন্দ্ৰীয় কেবিনেটৰ প্ৰথম বৈঠক

গুৱাহাটী, ১৪ জুলাই, NKTV: এবছৰৰো অধিক দিনৰ বিৰতিত প্ৰথমবাৰৰ বাবে আজি অনুষ্ঠিত হৈছে কেন্দ্ৰীয় কেবিনেটৰ প্ৰথম বৈঠক। পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় কেবিনেটৰ এই ফিজিকেল বৈঠক। কৰ’না পৰিস্থিতিৰ বাবে যোৱা এবছৰৰো অধিক কাল ধৰি কেবিনেটৰ ফিজিকেল বৈঠক অনুষ্ঠিত হোৱা নাছিল যদিও ভাৰ্চুৱেল বৈঠকত মিলিত হৈ আহিছিল কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বৈঠক। কেন্দ্ৰীয় কেবিনেটৰ অন্তিমখন ফিজিকেল বৈঠক অনুষ্ঠিত হৈছিল যোৱা বছৰৰ এপ্ৰিলৰ প্ৰথম সপ্তাহত। ইয়াৰ পিছৰে কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সময়ে সময়ে ভিডিঅ’ কনফাৰেন্স যোগে কেবিনেট বৈঠক অনুষ্ঠিত কৰা হৈছিল। আনকি লকডাউনৰ সময়তো অনুষ্ঠিত কৰা হৈছিল ভাৰ্চুৱেল কেবিনেট বৈঠক। আজি বিয়লি ৪ বজাত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত মন্ত্ৰী পৰিষদৰ আন এক বৈঠক অনুষ্ঠিত হ’ব ভিডিঅ’ কনফাৰেন্স ব্যৱস্থাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...