ক্ৰমশঃ সুস্থ হৈ উঠিছে অভিনেতা দিলীপ কুমাৰ

গুৱাহাটী, ৬ জুলাই, NKTV: শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ বাবে চিকিৎসাধীন হোৱা বলীউডৰ বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰৰ অৱস্থাৰ কিছু উন্নতি হৈছে। এই বিষয়ে জানিবলৈ দিছে বলীউডৰ এসময়ৰ মোহময়ী অভিনেত্ৰী তথা দিলীপ কুমাৰৰ পত্নী চায়েৰা বানুয়ে।

অভিনেতাজনক চিকিৎসাৰ বাবে মুম্বাইস্থিত হিন্দুজা হাস্পতালত যোৱা সপ্তাহত ভৰ্তি কৰোৱা হৈছিল।
তেওঁৰ আশুআৰোগ্য কামনা কৰি তেওঁৰ বন্ধু আৰু অনুৰাগীসকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিল। মঙলবাৰে সামাজিক মাধ্যম যোগে পত্নী চায়েৰা বানুয়ে দিলীপ কুমাৰৰ স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে সবিশেষ জনালে। এসময়ৰ মেগা ষ্টাৰজনৰ স্বাস্থ্য ক্ৰমশঃ সুস্থ হৈ উঠিছে বুলি চায়েৰা বানুয়ে প্ৰকাশ কৰিছে। দিলীপ কুমাৰৰ টুইটাৰৰ পৰা অভিনেত্ৰী চায়েৰা বানুয়ে টুইট কৰি লিখিছেঃ ‘ভগৱানৰ অন্তহীন দয়াৰ বাবে আমি চিৰকৃতজ্ঞ। তেওঁৰ আশু আৰোগ্য কামনাৰে অনুৰাগীসকলে ভগৱানৰ ওচৰত যেন প্ৰাৰ্থনা কৰে যাতে দিলীপ কুমাৰে অতি সোনকালে হাস্পতালৰ পৰা মুক্তি লাভ কৰিব পাৰে।’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...