মহিলা ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহ মিতালী ৰাজৰ

মহিলা ক্ৰিকেটত দপদপনি অব্যাহত মিতালী ৰাজৰ

মহিলা ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ ৰূপে পৰিগণিত হ’ল মিতালী

আন্তৰ্জাতিক ক্ৰিকেটত ১০,০০০ৰো অধিক ৰাণ সংগ্ৰহ কৰিলে মিতালীয়ে

Sports Desk, NKTV: ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ মিতালী ৰাজে গঢ়িলে আন এক অভিলেখ। ৩৮ বছৰীয়া ক্ৰিকেটাৰ গৰাকীয়ে ইংলেণ্ডৰ চাৰ্লট এডৱাৰ্ডৰ ৰেকৰ্ড ভংগ কৰি গঢ়িলে এই অভিলেখ। ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হৈ থকা এদিনীয়া শৃংখলাৰ তৃতীয়খন মেচত ৭৫ ৰাণ সংগ্ৰহ কৰি ভংগ কৰে এই অভিলেখ। আটাইকেইটা ফৰ্মেটতে সৰ্বমুঠ ১০,৩৩৭ ৰাণ সংগ্ৰহ কৰে মিতালী ৰাজে। ইয়াৰ আগতে ইংলেণ্ডৰ এডৱাৰ্ডে ১০,২৭৩ ৰাণ সংগ্ৰহ কৰি মহিলা ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ ৰূপে পৰিগণিত হৈছিল। মিতালী ৰাজে টেষ্ট ক্ৰিকেটৰ ১১ খন মেচত সংগ্ৰহ কৰিছে ৬৬৯ ৰাণ। এদিনীয়া ক্ৰিকেটত ২১৭ খন মেচত সংগ্ৰহ কৰিছে ৭,৩০৪ ৰাণ। আৰু টি-২০ ক্ৰিকেটত ৮৯ মেচত সংগ্ৰহ কৰিছে ২,৩৬৪ ৰাণ। এই মেচ খনতে মিতালী ৰাজে গঢ়ে আন এক অভিলেখ।

এদিনীয়া ক্ৰিকেটত অধিনায়ক হিচাপে সৰ্বাধিক জয়ৰ সোৱাদ ল’লে মিতালীয়ে

অধিনায়ক হিচাপে ৮৪খন মেচত জয়লাভ কৰিছে মিতালী নেতৃত্বাধীন ভাৰতীয় দলটোৱে

মিতালীৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক বেলিন্দা ক্লাৰ্ক আছিল শীৰ্ষত

অধিনায়ক হিচাপে ক্লাৰ্কে জিকাই আনিছিল ৮৩খন মেচ

কেৱল এই দুই অভিলেখেই নহয়, এদিনীয়া ক্ৰিকেটত অধিনায়ক হিচাপে ৬০০০ ৰাণো সম্পূৰ্ণ কৰে মিতালী ৰাজে। ইংলেণ্ডৰ চাৰ্লট এডৱাৰ্ডৰ পিছত মিতালীয়েই হৈছে অধিনায়ক হিচাপে ৬০০০ ৰাণ গঢ়া দ্বিতীয় গৰাকী মহিলা খেলুৱৈ। মিতালী ৰাজৰ এই সফলতাই প্ৰতিগৰাকী ভাৰতীয় সমৰ্থকক আনন্দিত কৰাৰ সময়তে ইংলেণ্ডৰ সৈতে অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাটো নিজৰ হাতলৈ অনাত বিফল হয় দলটো। এদিনীয়া শৃংখলাত পৰাস্ত হোৱাৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে ৩ খন টি-২০ শৃংখলা খেলিবলৈ সাজু হৈছে ভাৰতীয় দলটো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...