নতুন দিল্লীত ৰাষ্ট্ৰপতি, কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কয়লা, খনি, সংসদীয় পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু কেন্দ্রীয় মহিলা, শিশু উন্নয়ন মন্ত্রী স্মৃতি জুবিন ইৰাণীক সাক্ষাৎ কৰে।

গুৱাহাটী, ২ জুলাই, NKTV: নতুন দিল্লীত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্রীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্রী স্মৃতি জুবিন ইৰাণীক সাক্ষাৎ কৰে। সাক্ষাতকালত মুখ্যমন্ত্ৰীয়ে কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে মহিলা আৰু শিশু বিকাশ সম্পর্কিত কেইবাটাও বিষয় আলােচনা কৰে। বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই মহিলা আৰু শিশু উন্নয়নৰ লগতে হস্ততাঁত খণ্ডৰ সৈতে সম্পর্কিত কেতবােৰ গুৰুত্বপূর্ণ বিষয় আলােচনা কৰে। নির্ভয়া পুঁজিৰ সন্দৰ্ভত আলােচনা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ মহিলা লােকসকলক সুৰক্ষিত কৰাৰ বাবে জৰুৰীকালীন সঁহাৰি পদ্ধতিৰ লগতে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আছে। মুখ্যমন্ত্রী ড° শৰ্মাই মানৱ সৰবৰাহ ৰােধৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও কেন্দ্রীয় মন্ত্রীগৰাকীক অৱগত কৰে।

মুখ্যমন্ত্ৰীয়ে কেন্দ্রীয় মন্ত্রী ইৰাণীক পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ অধীনত তেওঁৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰে। উল্লেখ্য যে এই কাৰ্যসূচীৰ অধীনত ৬ মাহৰ পৰা ৬ বছৰৰ শিশু, গৰ্ভৱতী আৰু দুগ্ধপান কৰাই থকা মাতৃসকলক সংহত শিশু উন্নয়ন আঁচনিৰ অধীনত পুষ্টিকৰ খাদ্য প্রদান কৰা হয়। মুখ্যমন্ত্রী ড° শৰ্মাই কেন্দ্রীয় মন্ত্রীগৰাকীক বছৰি ৩০০ দিন সামৰি হিতাধিকাৰীৰ সংখ্যা অনুসৰি ৰাজ্যখনলৈ পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ অধীনত কেন্দ্রীয় পুঁজিৰ অংশ সময়মতে মুকলি কৰিবলৈ আহ্বান জনায়। বৈঠকত কেন্দ্রীয় মন্ত্রী ইৰাণীয়ে ৰাজ্য চৰকাৰক অংগনৱাড়ী কর্মী আৰু অংগনৱাড়ী সহায়কসকলৰ বিস্তৃত বিৱৰণ দাখিল কৰিবলৈ অনুৰােধ জনায় যাতে চৰকাৰে তেওঁলােকক ভাৰত চৰকাৰৰ বীমা আঁচনিৰ অধীনত সামৰি ল’ব পৰা যায়। ৰাজ্যখনৰ বস্ত্র শিল্প খণ্ডৰ উন্নয়নৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই জনােৱা আহ্বানৰ প্রতি ইতিবাচক সঁহাৰি জনাই কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে, অসমত বস্ত্র খণ্ডৰ আঁচনিসমূহৰ সম্পূৰ্ণ ৰূপায়ণৰ দিশত বিশেষ গুৰুত্ব প্রদান কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

362 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...