নতুন দিল্লীত ৰাষ্ট্ৰপতি, কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কয়লা, খনি, সংসদীয় পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু কেন্দ্রীয় মহিলা, শিশু উন্নয়ন মন্ত্রী স্মৃতি জুবিন ইৰাণীক সাক্ষাৎ কৰে।

গুৱাহাটী, ২ জুলাই, NKTV: নতুন দিল্লীত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্রীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্রী স্মৃতি জুবিন ইৰাণীক সাক্ষাৎ কৰে। সাক্ষাতকালত মুখ্যমন্ত্ৰীয়ে কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে মহিলা আৰু শিশু বিকাশ সম্পর্কিত কেইবাটাও বিষয় আলােচনা কৰে। বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই মহিলা আৰু শিশু উন্নয়নৰ লগতে হস্ততাঁত খণ্ডৰ সৈতে সম্পর্কিত কেতবােৰ গুৰুত্বপূর্ণ বিষয় আলােচনা কৰে। নির্ভয়া পুঁজিৰ সন্দৰ্ভত আলােচনা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ মহিলা লােকসকলক সুৰক্ষিত কৰাৰ বাবে জৰুৰীকালীন সঁহাৰি পদ্ধতিৰ লগতে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আছে। মুখ্যমন্ত্রী ড° শৰ্মাই মানৱ সৰবৰাহ ৰােধৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও কেন্দ্রীয় মন্ত্রীগৰাকীক অৱগত কৰে।

মুখ্যমন্ত্ৰীয়ে কেন্দ্রীয় মন্ত্রী ইৰাণীক পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ অধীনত তেওঁৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰে। উল্লেখ্য যে এই কাৰ্যসূচীৰ অধীনত ৬ মাহৰ পৰা ৬ বছৰৰ শিশু, গৰ্ভৱতী আৰু দুগ্ধপান কৰাই থকা মাতৃসকলক সংহত শিশু উন্নয়ন আঁচনিৰ অধীনত পুষ্টিকৰ খাদ্য প্রদান কৰা হয়। মুখ্যমন্ত্রী ড° শৰ্মাই কেন্দ্রীয় মন্ত্রীগৰাকীক বছৰি ৩০০ দিন সামৰি হিতাধিকাৰীৰ সংখ্যা অনুসৰি ৰাজ্যখনলৈ পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ অধীনত কেন্দ্রীয় পুঁজিৰ অংশ সময়মতে মুকলি কৰিবলৈ আহ্বান জনায়। বৈঠকত কেন্দ্রীয় মন্ত্রী ইৰাণীয়ে ৰাজ্য চৰকাৰক অংগনৱাড়ী কর্মী আৰু অংগনৱাড়ী সহায়কসকলৰ বিস্তৃত বিৱৰণ দাখিল কৰিবলৈ অনুৰােধ জনায় যাতে চৰকাৰে তেওঁলােকক ভাৰত চৰকাৰৰ বীমা আঁচনিৰ অধীনত সামৰি ল’ব পৰা যায়। ৰাজ্যখনৰ বস্ত্র শিল্প খণ্ডৰ উন্নয়নৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই জনােৱা আহ্বানৰ প্রতি ইতিবাচক সঁহাৰি জনাই কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে, অসমত বস্ত্র খণ্ডৰ আঁচনিসমূহৰ সম্পূৰ্ণ ৰূপায়ণৰ দিশত বিশেষ গুৰুত্ব প্রদান কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

362 COMMENTS

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...