P&RDত দুর্নীতি! বিডিঅ’ নিলম্বিত, ২ কর্মচাৰীক বৰ্খাস্ত

গুৱাহাটী, ২ জুলাই, NKTV: পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগে দুর্নীতি আৰু কৰ্তব্যত গাফিলতি কৰাৰ অভিযােগত আজি এক নির্দেশ যােগে কৰিমগঞ্জ জিলাৰ দুৰ্লভচেৰা উন্নয়ন খণ্ডৰ বিডিঅ’ সৰােজ দাসক চাকৰিৰ পৰা নিলম্বিত কৰিছে। বিষয়া গৰাকীয়ে এম জি এনৰেগা আৰু পি এম এ ৱাই-জি আদি আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত কৰা বিত্তীয় অনিয়ম আৰু কৰ্তব্যৰ গাফিলতিৰ বাবে পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগে আজি বিষয়া গৰাকীক তৎকালীন ভাৱে বলবৎ হােৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰে। আনহাতে, দুর্নীতি আৰু কৰ্তব্যত গাফিলতিৰ অভিযােগত পঞ্চায়ত আৰু গ্রামােন্নয়ন আয়ুক্তই গােৱৰ্ধনা উন্নয়ন খণ্ডৰ অধীনৰ বনমাজা গাঁও পৰিষদ উন্নয়ন কমিটী (ভিচিডিচি)ৰ গ্রাম ৰোজগাৰ সহায়ক খলিলুৰ ৰহমান আৰু বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অধীনৰ সত্ৰ কনৰা গাঁও পঞ্চায়তৰ গাঁও পঞ্চায়ত সমন্বয়ক (জিপিচি) প্রহ্লাদ দাসক দুটা সুকীয়া নির্দেশ যােগে চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...