বিশ্বজুৰি গেমিং অনুৰাগীৰ মাজত চৰ্চিত আৰু বহুল প্ৰত্যাশিত ভিডিঅ’ গেম Grand Theft Auto VI (GTA VI)-ৰ নিৰ্মাণৰ সৈতে জড়িত হৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ এজন যুৱকে। গুৱাহাটীৰ জাপৰিগোগত জন্মগ্ৰহণ কৰা অভিষেক ডেকাই বিশ্ববিখ্যাত গেম নিৰ্মাণ প্ৰতিষ্ঠান Rockstar Games-ৰ সৈতে জড়িত হৈ গেমটোৰ বিকাশৰ কামত ছিনিয়ৰ ইলাষ্ট্ৰেটৰ হিচাপে অংশগ্ৰহণ কৰিছে।
১৯৯২ চনৰ ২ মে’ত গুৱাহাটীৰ জাপৰিগোগত জন্মগ্ৰহণ কৰা অভিষেক ডেকাই ২০০৮ চনত মাৰিয়াছ পাব্লিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। তাৰ পাছত গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কলা শাখাত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰি ২০১০ চনত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত কটন কলেজত ইংৰাজী সাহিত্য বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি ২০১৩ চনত শিক্ষাজীৱন সম্পূৰ্ণ কৰে।

শিক্ষা সমাপ্ত কৰাৰ পাছত গেমিং জগতত নিজৰ কেৰিয়াৰ গঢ়াৰ লক্ষ্যৰে অভিষেকে বেংগালুৰুলৈ যাত্ৰা কৰে। ২০১৩–১৪ বৰ্ষত Academy of Interactive Graphics and Animation (AIGA), বৰ্তমান AIE-ত Game Art বিষয়ত Professional Diploma গ্ৰহণ কৰে। ২০১৫ চনত বেংগালুৰুস্থিত Dhruva Interactive-ত Game Artist হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। প্ৰায় চাৰি বছৰ প্ৰতিষ্ঠানটোত কাম কৰাৰ পাছত ২০১৯ চনৰ মে’ মাহত Dhruva Interactive-ৰ অধিগ্ৰহণৰ জৰিয়তে Rockstar Games-ৰ সৈতে তেওঁৰ কৰ্মজীৱনৰ নতুন অধ্যায় আৰম্ভ হয়।
যোৱা সাত বছৰ ধৰি Rockstar Games-ৰ সৈতে জড়িত হৈ থকা অভিষেক ডেকাই এতিয়া GTA VI-ৰ দৰে বিশ্বৰ অন্যতম চৰ্চিত গেমৰ বিকাশত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছে। সামাজিক মাধ্যমত নিজৰ অনুভৱ প্ৰকাশ কৰি তেওঁ কয় যে বিশ্বৰ অতি প্ৰতিভাশালী শিল্পীসকলৰ সৈতে Grand Theft Auto VI-ত নিজৰ নাম সংযুক্ত হোৱাটো তেওঁৰ বাবে অত্যন্ত আনন্দ আৰু কৃতজ্ঞতাৰ বিষয়। লণ্ডন, লিডছ আৰু নৰ্থৰ ব্ৰেণ্ডিং দলৰ লগতে ভাৰত আৰু ছান ডিয়েগোৰ কনচেপ্ট দলৰ সদস্যসকলৰ সৈতে কাম কৰাৰ অভিজ্ঞতাকো তেওঁ এক বিশেষ সন্মান আৰু শিক্ষণীয় যাত্ৰা বুলি অভিহিত কৰে।
অসমৰ পৰা বিশ্বৰ গেমিং জগতলৈ—অভিষেক ডেকাৰ এই সফলতা ৰাজ্যৰ নৱপ্ৰজন্মৰ বাবে এক প্ৰেৰণাদায়ক উদাহৰণ। নিজৰ প্ৰতিভা, অধ্যৱসায় আৰু সঠিক লক্ষ্যৰে অসমৰ যুৱক-যুৱতীসকলেও বিশ্বৰ বৃহৎ সৃষ্টিশীল উদ্যোগত স্থান লাভ কৰিব পাৰে, তাৰেই এক উজ্জ্বল নিদৰ্শন অভিষেক ডেকা।
