মহাকাশ অভিযানত পাকিস্তানৰ ঐতিহাসিক খোজ, মহাকাশলৈ যাত্ৰা দেশখনৰ প্ৰথমগৰাকী মহাকাশচাৰীৰ

মহাকাশ অন্বেষণৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিলে পাকিস্তানে। দেশখনৰ প্ৰথমগৰাকী প্ৰশিক্ষিত মহাকাশচাৰী মোহাম্মদ জেইশান আলীয়ে বুধবাৰে সফলতাৰে পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰাৰ লগে লগে মানৱ মহাকাশ অভিযানৰ ক্ষেত্ৰত এক ঐতিহাসিক মাইলৰ খুঁটি স্পৰ্শ কৰিলে পাকিস্তানে। চীনৰ সহযোগত সম্পন্ন হোৱা এই অভিযানক দেশখনৰ বিজ্ঞান, প্ৰযুক্তি আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি হিচাপে বিবেচনা কৰা হৈছে।

বুধবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৫ বাজি ৪৮ মিনিটত চীনৰ উত্তৰ-পশ্চিম প্ৰান্তৰ জিউকুৱান উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা Long March-2F ৰকেটৰ সহায়ত উৎক্ষেপণ কৰা হয় Shenzhou-24 মহাকাশযান। এই মহাকাশযানখনত পাকিস্তানৰ মোহাম্মদ জেইশান আলীৰ লগতে চীনৰ দুই মহাকাশচাৰী টাং হংবো আৰু উ য়ি আছিল। উৎক্ষেপণৰ কিছু সময়ৰ পাছতে মহাকাশযানখনে নিৰ্ধাৰিত কক্ষপথত সফলতাৰে প্ৰৱেশ কৰে। চীনৰ মহাকাশ কৰ্তৃপক্ষই অভিযানটোক সম্পূৰ্ণ সফল বুলি ঘোষণা কৰে।

পাকিস্তানৰ বাবে এয়া কেৱল এক মহাকাশ অভিযানৰ সফলতা নহয়, বৰঞ্চ কেইবা দশকজোৰা মহাকাশ অন্বেষণৰ আকাংক্ষাৰ বাস্তৱ ৰূপ। এই অভিযানৰ জৰিয়তে দেশখনৰ এগৰাকী নাগৰিকে প্ৰথমবাৰৰ বাবে মহাকাশচাৰী হিচাপে পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰিলে। ইয়াৰ লগতে চীনৰ মানৱ মহাকাশ অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী বিদেশী মহাকাশচাৰী হিচাপেও পৰিগণিত হ’ল আলী।

পৃথিৱীৰ কক্ষপথত প্ৰথমগৰাকী পাকিস্তানী মহাকাশচাৰী

৪০ বছৰীয়া মোহাম্মদ জেইশান আলী পূৰ্বে পাকিস্তান বায়ুসেনাৰ সৈতে জড়িত আছিল। মহাকাশচাৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত তেওঁ চীনত কেইবামাহো ধৰি কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। মহাকাশযান পৰিচালনাৰ প্ৰাথমিক প্ৰক্ৰিয়া, জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা, শাৰীৰিক সক্ষমতা আৰু মহাকাশত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা সম্পৰ্কীয় বিভিন্ন বিষয়ত তেওঁক প্ৰশিক্ষণ দিয়া হৈছিল।

এই অভিযানত আলীয়ে Payload Specialist হিচাপে দায়িত্ব পালন কৰিব। অৰ্থাৎ মহাকাশযান পৰিচালনাৰ পৰিৱৰ্তে মহাকাশত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণামূলক কাৰ্যকলাপত তেওঁ বিশেষভাৱে অংশগ্ৰহণ কৰিব।

তেওঁ প্ৰায় পাঁচৰ পৰা দহ দিনলৈ মহাকাশত অৱস্থান কৰাৰ কথা। এই সময়ছোৱাত চীনৰ মহাকাশচাৰীসকলৰ সৈতে মিলি বিভিন্ন বৈজ্ঞানিক পৰীক্ষা আৰু প্ৰযুক্তিগত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অভিযানটোৰ অংশ হিচাপে মুঠ প্ৰায় ৯০টা বৈজ্ঞানিক পৰীক্ষা আৰু প্ৰযুক্তিগত কাৰ্যকলাপ সম্পন্ন কৰাৰ পৰিকল্পনা কৰা হৈছে।

উল্লেখযোগ্য যে ২০২৩ চনত পাকিস্তানৰ উদ্যোগী নমিৰা ছালিমে Virgin Galacticৰ বাণিজ্যিক Suborbital মহাকাশ যাত্ৰাত অংশগ্ৰহণ কৰি মহাকাশৰ প্ৰান্ত স্পৰ্শ কৰা প্ৰথমগৰাকী পাকিস্তানী নাগৰিক হিচাপে পৰিচিত হৈছিল। কিন্তু জেইশান আলীৰ এই যাত্ৰা সম্পূৰ্ণ পৃথক। তেওঁ পৃথিৱীৰ কক্ষপথত থকা মহাকাশ কেন্দ্ৰত প্ৰৱেশ কৰি গৱেষণামূলক কামত অংশগ্ৰহণ কৰিব।

চীনৰ মহাকাশ কাৰ্যসূচীতো নতুন অধ্যায়

এই অভিযান পাকিস্তানৰ লগতে চীনৰ বাবেও এক উল্লেখযোগ্য সফলতা। কিয়নো প্ৰথমবাৰৰ বাবে চীনে নিজৰ মানৱ মহাকাশ অভিযান কাৰ্যসূচীত এগৰাকী বিদেশী মহাকাশচাৰীক অন্তৰ্ভুক্ত কৰিছে।

চীনৰ নিজাকৈ নিৰ্মিত Tiangong মহাকাশ কেন্দ্ৰটো ২০২২ চনৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে। ‘Tiangong’ শব্দৰ অৰ্থ হৈছে ‘স্বৰ্গীয় প্ৰাসাদ’। এই মহাকাশ কেন্দ্ৰটোত দীৰ্ঘম্যাদী মহাকাশ অভিযান, বৈজ্ঞানিক গৱেষণা আৰু অত্যাধুনিক প্ৰযুক্তিৰ পৰীক্ষা-নিৰীক্ষা চলাই আহিছে চীনে।

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ৰ কাৰ্যকালৰ ভৱিষ্যৎক লৈ আলোচনা চলি থকাৰ সময়তে চীনে Tiangongক আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু মহাকাশ গৱেষণাৰ এক বিকল্প মঞ্চ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। পাকিস্তানৰ মহাকাশচাৰীৰ অংশগ্ৰহণে সেই পৰিকল্পনাক অধিক শক্তিশালী কৰিলে।

চীনে ২০৩০ চনৰ ভিতৰত চন্দ্ৰত মহাকাশচাৰী অৱতৰণ কৰোৱাৰ লক্ষ্যও নিৰ্ধাৰণ কৰিছে। এনে পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰাটো দেশখনৰ মহাকাশ কাৰ্যসূচীৰ অন্যতম গুৰুত্বপূৰ্ণ লক্ষ্য।

চীন-পাকিস্তানৰ বন্ধুত্বই মহাকাশতো মেলিলে ডেউকা

জেইশান আলীৰ এই যাত্ৰাই চীন আৰু পাকিস্তানৰ মাজৰ দীৰ্ঘদিনীয়া কৌশলগত সম্পৰ্কৰ নতুন দিশ উন্মোচন কৰিছে। বিগত কেইবাটাও দশক ধৰি দুয়োখন দেশে উপগ্ৰহ প্ৰযুক্তি, যোগাযোগ ব্যৱস্থা, পৃথিৱী পৰ্যবেক্ষণ আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা কৰি আহিছে।

২০২৫ চনৰ ফেব্ৰুৱাৰীত পাকিস্তানৰ মহাকাশ গৱেষণা সংস্থা SUPARCO আৰু চীনৰ China Manned Space Agencyৰ মাজত স্বাক্ষৰিত সহযোগিতা চুক্তিয়ে এই অভিযানৰ পথ প্ৰশস্ত কৰে। এই চুক্তিৰ অধীনত দুগৰাকী পাকিস্তানী প্ৰাৰ্থীক চীনত মহাকাশচাৰীৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচন কৰা হৈছিল। তেওঁলোকৰ মাজৰ পৰাই জেইশান আলীক ঐতিহাসিক অভিযানটোৰ বাবে নিৰ্বাচিত কৰা হয়।

পাকিস্তানৰ বাবে চীনৰ এই সহযোগিতা বিশেষ তাৎপৰ্যপূৰ্ণ। কিয়নো নিজাকৈ মানৱ মহাকাশ অভিযান পৰিচালনাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু প্ৰযুক্তি গঢ়ি তোলাটো দেশখনৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান। চীনৰ সহযোগিতাই পাকিস্তানক সেই ক্ষেত্ৰত প্ৰয়োজনীয় অভিজ্ঞতা আৰু গৱেষণাৰ সুযোগ প্ৰদান কৰিছে।

এটা অভিযানৰ সফলতাতেই সীমাবদ্ধ নহয় পাকিস্তানৰ সপোন

জেইশান আলীৰ এই মহাকাশ যাত্ৰাক পাকিস্তানে ভৱিষ্যতৰ বিজ্ঞান আৰু প্ৰযুক্তিগত বিকাশৰ এক নতুন আৰম্ভণি হিচাপে বিবেচনা কৰিছে। এই সফলতাই দেশখনৰ যুৱ প্ৰজন্মৰ মাজত মহাকাশ বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, এৰ’স্পেচ অভিযান্ত্ৰিকী আৰু অত্যাধুনিক প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

অৱশ্যে এগৰাকী মহাকাশচাৰীৰ সফল যাত্ৰাই স্বতন্ত্ৰ মানৱ মহাকাশ অভিযান পৰিচালনাৰ সক্ষমতা তাৎক্ষণিকভাৱে গঢ়ি নোতোলে। ইয়াৰ বাবে দীৰ্ঘম্যাদী বিনিয়োগ, উন্নত গৱেষণাগাৰ, প্ৰযুক্তিগত দক্ষতা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অব্যাহত ৰখাটো অত্যন্ত জৰুৰী।

জেইশান আলীৰ এই ঐতিহাসিক যাত্ৰাই সেই দিশত পাকিস্তানক এক নতুন অভিজ্ঞতা প্ৰদান কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত বেডমিণ্টন এছিয়াৰ আঞ্চলিক ৰেফাৰী প্ৰশিক্ষণ শিবিৰ আৰম্ভ

বেডমিণ্টন এছিয়াৰ তত্ত্বাৱধানত বুধবাৰৰ পৰা গুৱাহাটীত বেডমিণ্টন এছিয়াৰ আঞ্চলিক...

ফেচবুক, স্নেপচেট, PUBGসহ ৮৯টা এপৰ ব্যৱহাৰত ভাৰতীয় সেনাৰ নিষেধাজ্ঞা! জোৱান-অফিচাৰৰ বাবে কঠোৰ নিৰ্দেশনা

সামাজিক মাধ্যম, মেছেজিং, অনলাইন গেমিং, ডেটিং আৰু ই-কমাৰ্চৰ জনপ্ৰিয়...