ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মানৱতাবাদী চিন্তা, সাংস্কৃতিক বহুত্ববাদ আৰু বিশ্বভ্ৰাতৃত্বৰ আদৰ্শক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ল দশম ড° অনামিকা ৰায় সোঁৱৰণী বক্তৃতা। দেওবাৰে বিশ্ববিদ্যালয়খনৰ পি.ডি. হলত অনুষ্ঠিত এই বিশেষ বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা।
“ভাৰতৰ ঐতিহাসিক মানৱতাবাদৰ পৰা বিশ্বজনীন মানৱতাবাদলৈ সেতুবন্ধন স্বৰূপ ভূপেন হাজৰিকা” শীৰ্ষক বিষয়বস্তুৰে তেজ হাজৰিকাই প্ৰদান কৰে এইবাৰৰ স্মাৰক বক্তৃতা। গুৱাহাটী বিশ্ববিদ্যালয়ত জনসাধাৰণৰ উদ্দেশ্যে এয়া আছিল তেওঁৰ প্ৰথমটো বক্তৃতা।
বক্তৃতাত তেজ হাজৰিকাই পিতৃ ড° ভূপেন হাজৰিকাৰ মানৱতাবাদী দৃষ্টিভংগী, সাংস্কৃতিক বহুত্ববাদ আৰু বিশ্বভ্ৰাতৃত্বৰ ধাৰণাৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে। ভাৰতৰ ঐতিহাসিক বৌদ্ধিক আৰু সাংস্কৃতিক পৰম্পৰাৰ সৈতে বিশ্বজনীন মানৱতাৰ আদৰ্শক কেনেদৰে সংযোগ কৰিছিল ভূপেন হাজৰিকাই, সেই সম্পৰ্কে তেওঁ নিজৰ বক্তব্য আগবঢ়ায়। লগতে বৰ্তমানৰ বিশ্ব পৰিস্থিতিত সুধাকণ্ঠৰ এই মানৱতাবাদী চিন্তাধাৰাৰ প্ৰাসংগিকতাৰ বিষয়েও আলোচনা কৰে।
অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণীয় মুহূৰ্ত আছিল তেজ হাজৰিকাৰ কণ্ঠত সুধাকণ্ঠৰ কেইবাটাও কালজয়ী গীতৰ পৰিৱেশন। “মদাৰৰে ফুল” আৰু “মানুহে মানুহৰ বাবে” আদি গীত পৰিৱেশন কৰি তেওঁ উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু দৰ্শকক আপ্লুত কৰে। পিতৃৰ গীতৰ মাজেৰে প্ৰতিফলিত হোৱা মানৱতা আৰু মানৱীয় মূল্যবোধে অনুষ্ঠানটোত এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই অনুষ্ঠানটো উদ্বোধন কৰে। আনহাতে, ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ অধ্যক্ষ ৰজত বৰণ মহন্তই অনুষ্ঠানত সভাপতিত্ব কৰে। ন্যাসৰ হৈ অনুষ্ঠান সঞ্চালক ভাস্কৰজ্যোতি ভূঞাই তেজ হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰে। অধ্যাপিকা পদ্মিনী ভূঞা বৰুৱাই আদৰণী ভাষণ প্ৰদান কৰে।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল কুমাৰ শৰ্মাৰ লগতে বিশ্ববিদ্যালয়খনৰ জ্যেষ্ঠ অধ্যাপক, উচ্চপদস্থ বিষয়া, গৱেষক, গণমাধ্যমকৰ্মী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। দুই শতাধিক ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন ক্ষেত্ৰৰ লোকৰ অংশগ্ৰহণেৰে বক্তৃতানুষ্ঠানটো সাফল্যমণ্ডিত হৈ পৰে।
উল্লেখ্য যে, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি এইবাৰৰ বক্তৃতাৰ বিষয়বস্তু নিৰ্বাচন কৰা হৈছিল। অনুষ্ঠানৰ শেষত গণমাধ্যমৰ সৈতে এক মত-বিনিময় কাৰ্যসূচীও অনুষ্ঠিত হয়। এই কাৰ্যসূচীত উপস্থিত লোকসকলে তেজ হাজৰিকাৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰাৰ সুযোগ লাভ কৰে। অনুষ্ঠানত তেজ হাজৰিকাৰ সৈতে তেওঁৰ পত্নী কেণ্ডেচ হেমিল্টন হাজৰিকা আৰু পুত্ৰ চেজ আকাশ হাজৰিকাও উপস্থিত আছিল। তেজ হাজৰিকাই সমগ্ৰ বক্তৃতাটো তেওঁৰ প্ৰয়াত পিতৃৰ স্মৃতিৰ লগতে স্বৰ্গীয় ড° অনামিকা ৰায়ৰ স্মৃতিলৈ উৎসৰ্গা কৰে।
ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী ভাষা শিক্ষণ বিভাগ (ELT), যোগাযোগ আৰু সাংবাদিকতা বিভাগ তথা ড° ভূপেন হাজৰিকা ফাউণ্ডেশ্যনৰ সহযোগত এই বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়।
উল্লেখযোগ্য যে, ২০১৭ চনৰ পৰা ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে প্ৰতিবছৰে এই স্মাৰক বক্তৃতাৰ আয়োজন কৰি আহিছে। গণমাধ্যম শিক্ষা, চিকিৎসা নীতি, মানৱতাবাদ আৰু সম্প্ৰদায়ভিত্তিক যোগাযোগৰ প্ৰসাৰেই হৈছে এই বক্তৃতামালাৰ অন্যতম লক্ষ্য। ইতিমধ্যে দেশ-বিদেশৰ বহু বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু বিশেষজ্ঞই এই বক্তৃতামালাত অংশগ্ৰহণ কৰি আহিছে।
সুধাকণ্ঠৰ গীত আৰু দৰ্শন কেৱল অসমৰ সাংস্কৃতিক পৰিসৰতে সীমাবদ্ধ নহয়, বৰঞ্চ বিশ্বজনীন মানৱতাৰ এক শক্তিশালী বাৰ্তা বহন কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই স্মাৰক বক্তৃতাই পুনৰবাৰ সেই মানৱতাবাদী আদৰ্শ আৰু চিন্তাধাৰাক নতুন প্ৰজন্মৰ মাজত চৰ্চাৰ বিষয় কৰি তুলিলে।
