ৰাজস্থানত ২৩ লাখৰো অধিক ছাত্ৰীক দিয়া হ’ব আত্মৰক্ষাৰ প্ৰশিক্ষণ

নাৰী সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজস্থান চৰকাৰে। ৰাজ্যখনৰ প্ৰায় ২৩.৩২ লাখ ছাত্ৰীক আত্মৰক্ষাৰ প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰে ৰাজস্থান আৰক্ষী আৰু শিক্ষা বিভাগে আৰম্ভ কৰিছে ‘ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণ’ কাৰ্যসূচী।

এই আঁচনিৰ অধীনত ৰাজ্যখনৰ ৩৬,৭৬৫খন চৰকাৰী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। কেৱল শাৰীৰিক আত্মৰক্ষাৰ কৌশলেই নহয়, ছাত্ৰীসকলক মানসিকভাৱে শক্তিশালী কৰি তোলাৰ লগতে জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা, মহিলা সুৰক্ষাৰ হেল্পলাইন আৰু জৰুৰীকালীন সেৱাৰ ব্যৱহাৰৰ বিষয়েও সজাগ কৰা হ’ব।

এই সন্দৰ্ভত ২৩ নৱেম্বৰত জয়পুৰত ৰাজস্থান আৰক্ষী আৰু শিক্ষা বিভাগৰ মাজত এক বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হয়। আৰক্ষীৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ শৰ্মাৰ উপস্থিতিত সম্প্ৰদায়িক আৰক্ষী শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান লতা মনোজ কুমাৰ আৰু বিদ্যালয় শিক্ষা পৰিষদৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক ড০ ৰশ্মি শৰ্মাই এই চুক্তিত স্বাক্ষৰ কৰে। অনুষ্ঠানত ডিআইজি (ক্ৰাইম) দীপক ভাৰ্গৱো উপস্থিত থাকে।

ইয়াৰ সমান্তৰালকৈ ৰাজ্যখনৰ ৪৬৪খন চৰকাৰী মহাবিদ্যালয়ৰ ২৫ হাজাৰ ছাত্ৰীকো আত্মৰক্ষাৰ প্ৰশিক্ষণ দিয়াৰ আন এক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

নাৰী সুৰক্ষা, আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে ছাত্ৰীসকলক অধিক সজাগ আৰু আত্মবিশ্বাসী কৰি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-নেপালৰ মাজত ৮খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ, ৬৬৯ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পসহ একাধিক উন্নয়নমূলক পদক্ষেপ

স্বাস্থ্য, পৰম্পৰাগত চিকিৎসা, মহাকাশ প্ৰযুক্তি, নিৰাপত্তা, আন্তঃগাঁথনি আৰু জলবিদ্যুৎ...

NO VOTE, NO LIGHTS! নিৰ্বাচনত পৰাজয়ৰ পিছতে আঁতৰাই নিয়া হ’ল ৫০টা ষ্ট্ৰীট লাইট!

নিৰ্বাচনত পৰাজয়ৰ পিছতে গাঁওখনৰ পৰা আঁতৰাই নিয়া হ’ল প্ৰায়...

বাহৰেইন বিমানবন্দৰত চাধা টেমাৰ সৈতে আটক আজমগড়ৰ যুৱক; ১৮ দিন ধৰি আটক, ভৰিবলগীয়া হ’ল ১৮ লাখ টকা

ভাৰতৰ পৰা বাহৰেইনলৈ যোৱাৰ সময়ত লগত কঢ়িয়াই নিয়া ধঁপাত...

ইণ্ডোনেছিয়াৰ কেণ্ডি ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড, নিহতৰ সংখ্যা ২৪লৈ বৃদ্ধি, সন্ধানহীন ২৯জন

ইণ্ডোনেছিয়াৰ এটা কেণ্ডি প্ৰস্তুতকাৰী কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।...