প্ৰায় তিনি ঘণ্টা ধৰি ৰায় পঢ়ি শুনায় আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ (ICJ) সভাপতিগৰাকীয়ে। ৰায়ত উল্লেখ কৰা তথ্য-প্ৰমাণ অনুসৰি, ম্যানমাৰৰ সেনাই ১০ হাজাৰ ৰোহিংগীয়াক হত্যা কৰিছিল। মহিলাসকলৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ লগতে শিশুসকলৰ ওপৰতো নিৰ্মম অত্যাচাৰ চলাইছিল। ৰোহিংগীয়াসকলৰ বিৰুদ্ধে গণহত্যা সংঘটিত কৰিছিল ম্যানমাৰে! সাত বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বৃহস্পতিবাৰে এই ৰায় প্ৰদান কৰে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে (ICJ)।
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ সভাপতি তথা ন্যায়াধীশ ইউজি আইৱাছাৱাই (Yuji Iwasawa) জনায় যে, ৯-৬ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত তেওঁলোকে এই সিদ্ধান্তত উপনীত হৈছে যে উত্তৰ ৰাখাইন প্ৰদেশত ৰোহিংগীয়া জনগোষ্ঠীৰ বিৰুদ্ধে গণহত্যা সংঘটিত কৰিছিল ম্যানমাৰে। এই প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে কোনো এখন ৰাষ্ট্ৰক গণহত্যাৰ বাবে দোষী সাব্যস্ত কৰিলে।
প্ৰায় তিনি ঘণ্টা ধৰি ৰায় পঢ়ি শুনায় ICJৰ সভাপতিগৰাকীয়ে। ৰায়ত উল্লেখ কৰা তথ্য-প্ৰমাণ অনুসৰি, ম্যানমাৰৰ সেনাই ১০ হাজাৰ ৰোহিংগীয়াক হত্যা কৰিছিল। মহিলাসকলৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ লগতে শিশুসকলৰ ওপৰতো নিৰ্মম অত্যাচাৰ চলাইছিল। ICJৰ ৰায়ত এই কথাও উল্লেখ কৰা হৈছে যে বাংলাদেশলৈ পলায়নৰ চেষ্টা কৰা সংখ্যালঘু ৰোহিংগীয়াসকলৰ ওপৰতো ম্যানমাৰৰ সেনাই আক্ৰমণ চলাইছিল।
২০১৭ চনৰ পৰা কেইবাটাও পৰ্যায়ত ৰোহিংগীয়া মুছলমানসকলৰ বিৰুদ্ধে গণহত্যা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ম্যানমাৰৰ সেনাবাহিনীৰ বিৰুদ্ধে। সেই সময়ত ম্যানমাৰৰ গণতন্ত্ৰপন্থী নেত্ৰী আং ছান ছ্যু চিৰ দল নেশ্যনেল লীগ ফৰ ডেম’ক্ৰেচী (NLD) ক্ষমতাত আছিল। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সামৰিক অভ্যুত্থানৰ পাছত ছ্যু চি আৰু ম্যানমাৰৰ অধিকাংশ নিৰ্বাচিত জনপ্ৰতিনিধিক গৃহবন্দী কৰা হয়। আন বহুতে দেশ এৰি পলায়ন কৰে। সামৰিক জুন্টাৰ শাসনকালতো ৰোহিংগীয়াসকল ধাৰাবাহিকভাৱে নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ উত্থাপন হৈছে। বৰ্তমানো কেইবালাখ ৰোহিংগীয়া বাংলাদেশৰ শৰণাৰ্থী শিবিৰসমূহত আশ্ৰয় লৈ আছে।
২০১৯ চনত পশ্চিম আফ্ৰিকাৰ দেশ গাম্বিয়াই উত্থাপন কৰা অভিযোগৰ ভিত্তিত ম্যানমাৰ চৰকাৰৰ বিৰুদ্ধে ICJত শুনানি আৰম্ভ হৈছিল। গাম্বিয়াৰ এই অভিযোগক ৫৭খন ইছলামিক ৰাষ্ট্ৰই সমৰ্থন জনাইছিল।
ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত ম্যানমাৰৰ সামৰিক জুন্টাৰ মুৰব্বী জেনেৰেল মিন আং হ্লাইঙৰ নেতৃত্বাধীন চৰকাৰে দাবী কৰিছিল যে ৰাখাইন প্ৰদেশত (এই প্ৰদেশতে অধিকাংশ ৰোহিংগীয়াৰ বসতি) ৰোহিংগীয়া বা আন কোনো জনগোষ্ঠীৰ বিৰুদ্ধে কোনো অভিযান চলোৱা হোৱা নাছিল। তেওঁলোকৰ মতে, অভিযান চলোৱা হৈছিল সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিৰুদ্ধেহে।
ম্যানমাৰৰ মন্ত্ৰী কো কো হ্লাইঙে নিজেই নেদাৰলেণ্ডছৰ দ্য হেগ চহৰত অনুষ্ঠিত ICJৰ শুনানিত উপস্থিত হৈ কৈছিল, “আমি আশা কৰোঁ যে এই গোচৰৰ ৰায় প্ৰমাণিত তথ্যৰ ভিত্তিতহে প্ৰদান কৰা হ’ব, ভিত্তিহীন অভিযোগৰ ওপৰত নহয়। আৱেগপ্ৰৱণ ভাষা আৰু অস্পষ্ট, কাল্পনিক বৰ্ণনা কেতিয়াও সঠিক তথ্য-প্ৰমাণ দাঙি ধৰাৰ বিকল্প হ’ব নোৱাৰে।”
ৰোহিংগীয়াসকলৰ ওপৰত চলা নিৰ্যাতন সম্পৰ্কীয় এই গোচৰৰ শুনানিৰ সময়ত আবেদনকাৰী দেশ গাম্বিয়াৰ ন্যায়মন্ত্ৰী দাউদা জালোৱে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত কৈছিল, “ম্যানমাৰৰ সেনাবাহিনীয়ে পৰিকল্পিতভাৱে ৰোহিংগীয়া সংখ্যালঘু জনগোষ্ঠীটোক নিৰ্মূল কৰাৰ অভিযান চলাই আহিছে।”
ইয়াৰ পূৰ্বেই ICJয়ে ৰোহিংগীয়া মুছলমানসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ম্যানমাৰৰ সেনা আৰু জুন্টা চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। কিন্তু সেই নিৰ্দেশো পালন কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে।
