ফিজিত অনুষ্ঠিত কমনৱেলথ ওমেন পাৰ্লিয়ামেণ্টেৰীয়ান ৱৰ্কশ্বপৰ ষ্টাডি ট্যুৰৰ অংশ হিচাপে বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণৰত অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে চিডনীত বসবাস কৰা কেইগৰাকীমান কিছুসংখ্যক প্ৰৱাসী অসমীয়াৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ চাহমেলত মিলিত হৈ বিভিন্ন বিষয়ৰ ওপৰত মত বিনিময় কৰে। সুদূৰ বিদেশৰ মাটিতো নিজৰ ভাষা, সংস্কৃতি আৰু শিপাৰ সৈতে একাত্ম হৈ থকা অসমীয়া সকলৰ সৈতে কটোৱা সময়খিনি আছিল বিশেষভাৱে স্মৰণীয় আছিল বুলি অধ্যক্ষগৰাকীয়ে মত প্ৰকাশ কৰে। মত বিনিময়ৰ সময়ত দুষ্মন্ত দত্ত, ৰুক্মি দত্ত, সৰোজ ভট্টাচাৰ্য, কমলেশ গোস্বামী, চয়নিকা গোস্বামী, গুণজিৎ কাকতি, শ্ৰীমতী লিপিকা পূজাৰী কাকতিৰ লগতে অন্যান্য প্ৰৱাসী অসমীয়া উপস্থিত থাকে।
