মুক্তিৰ পূৰ্বেই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া চলচ্চিত্ৰ জগতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিতোপন কাশ্যপৰ পৰিচালনাত নিৰ্মিত পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি ‘আদিশক্তি’য়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছত অনুষ্ঠিত সন্মানীয় ‘লাছ ভেগাছ ইণ্ডি এৱাৰ্ড’ত ছবিখনে ‘শ্ৰেষ্ঠ ছবি’ (Best Film)ৰ বঁটা লাভ কৰি অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক উল্লেখযোগ্য সাফল্য কঢ়িয়াই আনিছে।
আইৰা ম’শ্যন পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত ছবিখনে স্বাধীন চলচ্চিত্ৰ নিৰ্মাতাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজিত এই চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত নিৰ্বাচিত চুটি আৰু পূৰ্ণদৈৰ্ঘ্যৰ ছবিসমূহৰ মাজত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হয়। তদুপৰি, নেভাডাৰ লাছ ভেগাছস্থিত ‘কৰ্পৰেট লাছ ভেগাছ – ৱৰ্কস্পেচ নিয়াৰ দ্য ষ্ট্ৰিপ’ত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত ছবিসমূহৰ তালিকাতো স্থান লাভ কৰিছে ‘আদিশক্তি’য়ে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও নতুন দিল্লীত অনুষ্ঠিত ‘গ্ল’বেল চিনে কনফ্লুৱেন্স’ৰ জৰিয়তে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (JIFF)ৰ মঞ্চত ছবিখনে একাধিক সন্মান লাভ কৰিছিল। উক্ত মহোৎসৱত ‘আদিশক্তি’য়ে ‘শ্ৰেষ্ঠ ছবি’ৰ বিশেষ স্বীকৃতি লাভ কৰাৰ বিপৰীতে ছবিখনত কৰা অভিনয়ৰ বাবে ডাঃ আৰ্শীয়া মহন্তই ‘শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী’ আৰু ইন্দ্ৰাণী বৰুৱাই ‘শ্ৰেষ্ঠ মৌলিক কাহিনী’ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰাবাহিকভাৱে লাভ কৰা এই স্বীকৃতি আৰু সাফল্যই অসমীয়া চলচ্চিত্ৰ জগতলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে। দৰ্শকৰ মাজতো ছবিখনক লৈ যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে। সকলো অপেক্ষাৰ অন্ত পেলাই অহা ৪ ডিচেম্বৰত অসমৰ বিভিন্ন চিত্ৰগৃহত মুক্তি লাভ কৰিব ‘আদিশক্তি’য়ে।
