ৰাহুল গান্ধীয়ে ক’লে ভাৰতীয় গণতন্ত্ৰ ‘পৱিত্ৰ’ বিজেপিয়ে শুনিলে ‘অসুস্থ’ ! এই মন্তব্যক লৈ ৰাজনৈতিক বিতৰ্ক

ভাৰতীয় গণতন্ত্ৰক ‘পৱিত্ৰ’ (Sacred) বুলি অভিহিত কৰিছিল কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। কিন্তু বিজেপিয়ে তেওঁৰ মন্তব্যক ‘অসুস্থ’ (Sick) বুলি ব্যাখ্যা কৰি কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে। লগতে পুনৰ এবাৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে ‘দেশবিৰোধী’ প্ৰচাৰৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে।

বুধবাৰে আমেৰিকাৰ চিকাগো বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৰাহুল গান্ধীয়ে। অনুষ্ঠানত তেওঁক প্ৰশ্ন কৰা হৈছিল যে, নিৰ্বাচন প্ৰক্ৰিয়া যদি সঁচাকৈয়ে প্ৰভাৱিত বা অনিয়মিত বুলি বিৰোধীয়ে বিশ্বাস কৰে, তেন্তে বিৰোধী দলসমূহে নিৰ্বাচন বৰ্জন নকৰে কিয়?

ইয়াৰ উত্তৰত ৰাহুল গান্ধীয়ে কয় যে তেওঁৰ বাবে ভাৰতীয় গণতন্ত্ৰ পৱিত্ৰ। গণতন্ত্ৰৰ ওপৰত সমস্যা আছে বুলি ক’বলৈও তেওঁৰ বাবে ১০০, ২০০ বা ৩০০ শতাংশ প্ৰমাণৰ প্ৰয়োজন।

অধ্যাপক ৰবাৰ্ট পেপৰ পৰিচালনাত অনুষ্ঠিত এই মত-বিনিময় অনুষ্ঠানত ৰাহুল গান্ধীয়ে কয়, “ভাৰতীয় গণতন্ত্ৰ পৱিত্ৰ। ভাৰতীয় গণতন্ত্ৰত সমস্যা আছে বুলি কোৱাটোও মোৰ বাবে কঠিন, যদিহে মোৰ হাতত ১০০, ২০০ বা ৩০০ শতাংশ প্ৰমাণ নাথাকে।”

নিৰ্বাচনী ব্যৱস্থাত অনিয়মৰ অভিযোগ উত্থাপন কৰি বিৰোধীয়ে নিৰ্বাচন বৰ্জন কৰিলে দেশৰ গণতন্ত্ৰৰেই অৱসান ঘটিব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

তেওঁ কয়, “আমি যদি আমাৰ কৰ্মীসকলক কওঁ যে ঠিক আছে, তোমালোকে নিৰ্বাচনত অংশগ্ৰহণ নকৰিবা, তেন্তে তেওঁলোকৰ কি হ’ব? আমি যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লওঁ, তেন্তে সেই মুহূৰ্ততে ভাৰতীয় গণতন্ত্ৰৰ অৱসান ঘটিব। আমি ভাৰতীয় গণতন্ত্ৰৰ গাঁথনিটো ধ্বংস কৰিব নিবিচাৰোঁ।”

ৰাহুল গান্ধীয়ে লগতে কয় যে বৰ্তমান কংগ্ৰেছৰ কৌশল হৈছে নিৰ্বাচনী ব্যৱস্থাত চলি থকা অনিয়মসমূহ ৰাইজৰ সন্মুখত উদঙাই দিয়া আৰু দেশৰ জনসাধাৰণে ব্যৱস্থাটো সম্পূৰ্ণৰূপে ধ্বংস হোৱা বুলি উপলব্ধি নকৰালৈকে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থকা।

কিন্তু ৰাহুল গান্ধীৰ এই মন্তব্যক লৈ বিজেপিয়ে আন এক বিতৰ্কৰ সূচনা কৰে। বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে একেটা ভিডিঅ’ সামাজিক মাধ্যম X-ত শ্বেয়াৰ কৰি দাবী কৰে যে ৰাহুল গান্ধীয়ে ভাৰতীয় গণতন্ত্ৰক ‘Sick’ অৰ্থাৎ ‘অসুস্থ’ বুলি অভিহিত কৰিছে।

ভাণ্ডাৰীয়ে পোষ্টটোত লিখে, “ৰাহুল গান্ধীয়ে বিদেশৰ মাটিত ভাৰতীয় গণতন্ত্ৰক ‘Sick’ বুলি অভিহিত কৰিলে। ৰাহুল গান্ধীয়ে পুনৰ প্ৰমাণ কৰিলে যে তেওঁ পৰিয়ালক ভাল পায় আৰু গণতন্ত্ৰক ঘৃণা কৰে। প্ৰতিবাৰেই তেওঁ প্ৰমাণ কৰে যে তেওঁ ভাৰতীয় ৰাষ্ট্ৰ, দেশৰ জনসাধাৰণ আৰু ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰোধী। ৰাহুল গান্ধী দেশবিৰোধী প্ৰচাৰৰ নেতা।”

এই বাতৰি লিখা পৰ্যন্ত বিজেপিৰ মুখপাত্ৰগৰাকীয়ে তেওঁৰ পোষ্টটো সামাজিক মাধ্যমৰ পৰা আঁতৰোৱা নাছিল।

অৱশ্যে ৰাহুল গান্ধীৰ চিকাগো বিশ্ববিদ্যালয়ৰ অনুষ্ঠানৰ ভিডিঅ’টোত তেওঁ স্পষ্টভাৱে ‘Sacred’ অৰ্থাৎ ‘পৱিত্ৰ’ শব্দটোহে ব্যৱহাৰ কৰা শুনা যায়, ‘Sick’ অৰ্থাৎ ‘অসুস্থ’ শব্দটো নহয়।

উল্লেখ্য যে, বিদেশৰ মাটিত ৰাহুল গান্ধীয়ে কৰা মন্তব্যক লৈ বিজেপিয়ে পূৰ্বেও কেইবাবাৰো সমালোচনা কৰি আহিছে। বিদেশত ভাৰতক হেয় প্ৰতিপন্ন কৰাৰ অভিযোগো উত্থাপন কৰি আহিছে শাসকীয় দলটোৱে।

ইয়াৰ পূৰ্বে কলম্বিয়া বিশ্ববিদ্যালয়ত হোৱা এক আলোচনাত ৰাহুল গান্ধীয়ে ‘ভোট চুৰি’ৰ প্ৰসংগ উত্থাপন কৰাৰ পিছতো বিজেপিয়ে তেওঁক ভাৰত আৰু গণতন্ত্ৰক অপমান কৰাৰ অভিযোগেৰে আক্ৰমণ কৰিছিল।

দুদিনীয়া আমেৰিকা ভ্ৰমণসূচীৰ অংশ হিচাপে ৰাহুল গান্ধীয়ে মঙলবাৰে নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে বুধবাৰে চিকাগো বিশ্ববিদ্যালয়তো এক আলোচনাত অংশগ্ৰহণ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অষ্ট্ৰেলিয়াত বসবাস কৰা প্ৰৱাসী অসমীয়াৰ সৈতে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ মত-বিনিময়

ফিজিত অনুষ্ঠিত কমনৱেলথ ওমেন পাৰ্লিয়ামেণ্টেৰীয়ান ৱৰ্কশ্বপৰ ষ্টাডি ট্যুৰৰ অংশ...

আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলিল অসমীয়া ছবি ‘আদিশক্তি’, লাছ ভেগাছ ইণ্ডি এৱাৰ্ডত ‘শ্ৰেষ্ঠ ছবি’ৰ সন্মান

মুক্তিৰ পূৰ্বেই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া চলচ্চিত্ৰ জগতলৈ...

চীনত ট্ৰাম্প, জিনপিং আৰু পুটিনৰ ঐতিহাসিক বৈঠক: বিশ্ব ৰাজনীতি আৰু ইউক্ৰেইন যুদ্ধক লৈ কি আলোচনা হ’ল?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু...