অবৈধ নিযুক্তিৰ গোচৰত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিজ্ঞাপন বা যথাযথ নিযুক্তি প্ৰক্ৰিয়া অবিহনে কেৱল মৌখিক নিৰ্দেশত লাভ কৰা নিযুক্তি দীৰ্ঘদিন ধৰি চাকৰি কৰাৰ অজুহাতত নিয়মীয়া কৰিব নোৱাৰি বুলি স্পষ্ট কৰি দিছে ন্যায়ালয়ে। একেদৰে এনে নিযুক্তিৰ ভিত্তিত পেঞ্চন আৰু অৱসৰকালীন অন্যান্য সা-সুবিধা দাবী কৰাৰো কোনো যুক্তিযুক্ততা নাই বুলি পৰ্যবেক্ষণ কৰিছে আদালতে।
হাইলাকান্দি জিলাৰ শিক্ষা বিভাগৰ নিম্ন বৰ্গৰ সহায়ক (LDA) পদত কৰ্মৰত ছেলিম উদ্দিন বৰভূঞাৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মনীষ চৌধুৰীয়ে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।
উল্লেখ্য যে, পেঞ্চনৰ সুবিধা বিচাৰি ছেলিম উদ্দিন বৰভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ত চতুৰ্থবাৰৰ বাবে লেখ আবেদন দাখিল কৰিছিল। কিন্তু আবেদনকাৰীৰ এই পদক্ষেপক আদালতে ‘সম্পূৰ্ণ দুঃসাহসিক কাৰ্য’ বুলি অভিহিত কৰে। বাৰে বাৰে একেটা বিষয়ক লৈ আদালতৰ দ্বাৰস্থ হোৱাটো ‘আইনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰ’ বুলিও মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে।
ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে বৈধ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিযুক্তি লাভ নকৰিলে কোনো ব্যক্তিয়ে পেঞ্চনৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে। কেৱল দীৰ্ঘদিন চাকৰি কৰাৰ ভিত্তিত অবৈধ নিযুক্তিক বৈধতা প্ৰদান কৰাটো আইনসন্মত নহয় বুলিও আদালতে পৰ্যবেক্ষণ কৰে।
ইফালে, বাৰে বাৰে লেখ আবেদন দাখিল কৰি আইনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰ কৰাৰ বাবে আবেদনকাৰী ছেলিম উদ্দিন বৰভূঞাক ২৫ হাজাৰ টকাৰ জৰিমনা বিহিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। নিৰ্দেশ অনুসৰি, এমাহৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীত এই ধনৰাশি জমা দিব লাগিব। জৰিমনাৰ ধন গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েচনৰ বাবে ব্যৱহাৰ কৰিবলৈও নিৰ্দেশ দিছে আদালতে।
উল্লেখ্য যে, আবেদনকাৰীৰ চতুৰ্থখন লেখ আবেদন খাৰিজ কৰি ন্যায়ালয়ে অবৈধ নিযুক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আইনী স্থিতি পুনৰ স্পষ্ট কৰি দিলে।
