কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হোৱা দেৱশিশুটিক গোলাঘাটৰ শিশু কল্যাণ সমিতি (CWC)ৰ জিম্মাত ৰখা হৈছে। প্ৰয়োজনীয় নথি-পত্ৰ জমা দিয়াৰ পিছতহে পৰিয়ালৰ হাতত শিশুটিৰ দায়িত্ব অৰ্পণ কৰা হ’ব।
প্ৰশাসনৰ সূত্ৰ অনুসৰি, পৰিয়ালে প্ৰয়োজনীয় নথি-পত্ৰ জমা দিলে মঙলবাৰে শিশুটিক পৰিয়ালৰ হাতত গতাই দিয়া হ’ব। সোমবাৰে নিশা শিশুটিৰ ককাক-আইতাক চিকিৎসালয়ত উপস্থিত হৈছিল।
ইফালে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত শিশুটিৰ পিতৃ-মাতৃ ৰাহুল গোৱালা আৰু নিকিতা গোৱালা বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (JMCH) আই চি ইউত চিকিৎসাধীন হৈ আছে।
উল্লেখ্য যে, বিগত চাৰিদিন ধৰি পিতৃ-মাতৃৰ পৰা বিচ্ছিন্ন হৈ বোকাখাত অসামৰিক চিকিৎসালয়ত আছিল কণমানি শিশুটি।
কৰ্মসূত্ৰে বাংগালুৰুত বাস কৰে ৰাহুল আৰু নিকিতাৰ পৰিয়ালে। দুৰ্ঘটনাৰ দিনা ডিমাপুৰৰ পৰা কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচালৈ আহি আছিল পৰিয়ালটো। ৰাহুল গোৱালাৰ ঘৰ ডিমাপুৰত হোৱাৰ বিপৰীতে নিকিতা গোৱালাৰ পিতৃগৃহ কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচাত।
দুৰ্ঘটনাৰ পিছৰে পৰা পিতৃ-মাতৃৰ পৰা বিচ্ছিন্ন হৈ থকা কণমানি শিশুটিক পৰিয়ালৰ সৈতে পুনৰ মিলিত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰশাসনিক প্ৰক্ৰিয়া অব্যাহত আছে।
