ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ কমলাবাৰীত সংঘটিত চাঞ্চল্যকৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাক লৈ ক্ষিপ্ৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অইলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নিহাৰিকা ভূঞাক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাত ৰাজু দাস আৰু অমিৰ দাস নামৰ দুজন লোকৰ নাম পোহৰলৈ আহিছে। আৰক্ষীৰ তদন্তত দুয়োজনৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ পাইছে।
উল্লেখ্য যে, ৰাজু দাস নিহত পৰিয়ালটোৰ ঘৰৰ কেয়াৰটেকাৰ হিচাপে কৰ্মৰত আছিল। ঘৰখনৰ এটা চাবি তেওঁৰ হাততে আছিল। আনকি পৰিয়ালটোৰ ভাড়াঘৰসমূহৰ ভাড়াও ৰাজুৱে সংগ্ৰহ কৰিছিল। আনহাতে, অমিৰ দাস হৈছে ৰাজুৰ মাহীয়েকৰ পুত্ৰ। আৰক্ষীৰ সন্দেহ অনুসৰি, দুয়ো মিলি এই হত্যাকাণ্ড সংঘটিত কৰিছিল।
ইতিমধ্যে হত্যাকাণ্ডত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা এখন দা আৰু এডাল ৰড আৰক্ষীয়ে উদ্ধাৰ কৰিছে। জব্দ কৰা সামগ্ৰীকেইপদত তেজ আৰু চুলিৰ অৱশেষ লাগি থকা বুলি জানিব পৰা গৈছে। আনহাতে, অভিযুক্ত ৰাজু দাসৰ তেজ লগা কাপোৰো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। কাষৰীয়া এটা চৌহদত স্নিফাৰ ডগে কাপোৰখিনি চিনাক্ত কৰে। ঘটনাস্থলীতো স্নিফাৰ ডগৰ সহায়ত অনুসন্ধান চলাইছে তদন্তকাৰী দলে।
আনহাতে, হত্যাকাণ্ড সংঘটিত কৰি ৰাজু আৰু অমিৰ দাসে ৰে’লযোগে পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ঘটনাৰ পূৰ্বে অভিযুক্তই ঘৰৰ CCTV কেমেৰাৰ সংযোগ বিচ্ছিন্ন কৰাৰ দৃশ্যও কেমেৰাত বন্দী হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছিল একেটা পৰিয়ালৰ তিনিগৰাকীৰ মৃতদেহ। ঘৰৰ গৰাকী চন্দ্ৰকান্ত ভূঞাৰ মৃতদেহ ড্ৰয়িং ৰূমত, পত্নী এলিজা ভূঞাৰ মৃতদেহ পাকঘৰত আৰু কন্যা নিহাৰিকা ভূঞাৰ মৃতদেহ শোৱনি কোঠাত উদ্ধাৰ হৈছিল। তিনিওটা মৃতদেহতে আঘাতৰ স্পষ্ট চিন পৰিলক্ষিত হৈছিল।
পৰিয়ালটো নগাঁৱৰ পৰা ঘৰলৈ উভতি অহাৰ দিনাই এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। সোমবাৰে নিশাই ঘটনাস্থলীত উপস্থিত হৈছিল জ্যেষ্ঠ আৰক্ষী অধীক্ষক (SSP) আৰু ফৰেনছিক বিশেষজ্ঞৰ দল।
প্ৰাথমিক তদন্তত ডকাইতিৰ উদ্দেশ্যৰেও এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। দুৰ্বৃত্তই ঘৰৰ পৰা নগদ ধন, সোণ-ৰূপৰ অলংকাৰ, নিহত তিনিওগৰাকীৰ মোবাইল ফোনৰ লগতে চন্দ্ৰকান্ত ভূঞাৰ হাতৰ আঙঠিও লৈ যোৱাৰ তথ্য পোহৰলৈ আহিছে।
ইতিমধ্যে তিনিওটা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (AMCH)লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি দুলীয়াজানৰ কমলাবাৰীত এতিয়াও তীব্ৰ চাঞ্চল্য আৰু আতংকৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে এই নৃশংস হত্যাকাণ্ডৰ আঁৰৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
