উত্তৰাখণ্ডৰ টেহৰি গড়ৱাল জিলাত মঙলবাৰে পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও ৬জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০জন আহত হয়। প্ৰায় ৩০ৰ পৰা ৩৫জন যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ গুলাৰ দলঙৰ পৰা প্ৰায় ১০০ মিটাৰ (প্ৰায় ৩০০ ফুট) দ খাৱৈত বাগৰি পৰে।
প্ৰাপ্ত তথ্য অনুসৰি, পুৱা প্ৰায় ৪.৩০ বজাত গুলাৰ বজাৰৰ সমীপত চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। হৰিদ্বাৰৰ পৰা চামোলী অভিমুখে গৈ থকা বাছখন গুলাৰ দলঙৰ তলৰ গভীৰ খাৱৈত বাগৰি পৰে।
দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ অভিযান আৰম্ভ কৰে। খাৱৈত আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF)-ৰ ব্যাসী আৰু ঢালৱালা শিবিৰৰ দল নিয়োগ কৰা হয়।
প্ৰশাসনৰ তথ্য অনুসৰি, ইতিমধ্যে প্ৰায় ২০জন আহত যাত্ৰীক উদ্ধাৰ কৰি এম্বুলেঞ্চযোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাস্থলীত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত থাকে।
ইফালে, টেহৰি জিলাৰ জিলা দণ্ডাধীশ নীতিকা খান্দেলৱাল আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বেতা চৌবে ঘটনাস্থলীলৈ ৰাওনা হৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰে।
এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যম X-ত কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘটনাটোত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
ইফালে, উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত সংঘটিত আন এক পৃথক পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়। সোমবাৰে নিশা বংশৱাড়া-মোহনখাল মটৰ পথত এখন বলেৰো বাহন গভীৰ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
আৰক্ষীৰ তথ্য অনুসৰি, পোখৰীৰ পৰা ৰান্সী অভিমুখে গৈ থকা বলেৰো বাহনখনে ভাটৱাৰী-কাণ্ডাৰাৰ সমীপত চালকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি গভীৰ খাৱৈত পৰে।
এই দুৰ্ঘটনাত মৃত্যু হোৱা লোককেইজনক ক্ৰমে কুৱৰ সিং (৬০), মদন সিং (৪০), সুৰজ সিং (৪২) আৰু বলবীৰ সিং (৭০) বুলি চিনাক্ত কৰা হৈছে।
আনহাতে, আহতসকল হৈছে উমেদ সিং (৫২), ৰাজেন্দ্ৰ সিং (৫৬), লৱিশ ৰাণা (২৫), বংশিকা (৮), উৰ্মিলা দেৱী (৩৩) আৰু পূজা দেৱী (৩৪)।
আৰক্ষীয়ে জনোৱা মতে, নিশা প্ৰায় ১০ বজাত ডায়েল ১১২ৰ জৰিয়তে দুৰ্ঘটনাৰ খবৰ লাভ কৰা হৈছিল। বাহনখনত প্ৰায় ৯ৰ পৰা ১০জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।
খবৰ লাভ কৰাৰ পিছতে অগস্ত্যমুনি আৰক্ষী থানাৰ দল, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF), জিলা দুৰ্যোগ সঁহাৰি বাহিনী (DDRF) আৰু ১০৮ এম্বুলেঞ্চ সেৱাৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হয়। ৰুদ্ৰপ্ৰয়াগৰ চক্ৰ বিষয়া (Circle Officer)-ৰ তত্ত্বাৱধানত উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়।
গোটেই নিশা ধৰি চলোৱা উদ্ধাৰ অভিযানৰ জৰিয়তে খাৱৈত আবদ্ধ হৈ থকা সকলো লোককে উদ্ধাৰ কৰা হয়।
উল্লেখ্য যে, উত্তৰাখণ্ডত একেৰাহে সংঘটিত এই দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই পাহাৰীয়া পথসমূহত যাতায়াতৰ সুৰক্ষাক লৈ পুনৰ উদ্বেগৰ সৃষ্টি কৰিছে।
