কুলগামৰ CRPF শিবিৰত হোৱা আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰসহ দুজন সন্ত্ৰাসবাদীক নিৰাপত্তা বাহিনীয়ে নিধন কৰিছে। নিহত দুয়োজন সন্ত্ৰাসবাদী কুলগামৰ আক্ৰমণৰ সৈতে জড়িত বুলি দাবী কৰিছে সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে।
নিহত সন্ত্ৰাসবাদীৰ তালিকাত আছে একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা স্থানীয় লস্কৰ কমাণ্ডাৰ লতিফ ভাট।
উল্লেখ্য যে, যোৱা বুধবাৰে কুলগামৰ CRPF শিবিৰত মটৰচাইকেলত অহা তিনিজন সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল। এই আক্ৰমণৰ আঁৰত স্থানীয় লস্কৰ কমাণ্ডাৰ লতিফ ভাট জড়িত থকা বুলি সেনাৰ সূত্ৰই সন্দেহ প্ৰকাশ কৰিছিল।
ঘটনাৰ পাঁচ দিন সম্পূৰ্ণ হোৱাৰ পূৰ্বেই নিৰাপত্তা বাহিনীয়ে সন্দেহযুক্ত সন্ত্ৰাসবাদী দুজনৰ সন্ধান উলিয়াই কুলগামতে অভিযান চলাই তেওঁলোকক নিধন কৰে বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে।
ইয়াৰ পূৰ্বে লস্কৰ কমাণ্ডাৰ লতিফৰ সন্ধানৰ বাবে ১৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।
নিৰাপত্তা সংস্থাসমূহৰ দাবী অনুসৰি, দক্ষিণ কাশ্মীৰত পূৰ্বে সংঘটিত কেইবাটাও আক্ৰমণৰ আঁৰত আছিল এই লস্কৰ কমাণ্ডাৰ লতিফ ভাট। যোৱা জুলাই মাহত অমৰনাথ যাত্ৰাৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত এগৰাকী আৰক্ষী জোৱানক হত্যা আৰু কুলগামত দুজন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যুৰ ঘটনাৰ সৈতেও লতিফৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে, এই আক্ৰমণসমূহৰ দায়িত্ব পিছত লস্কৰৰ ছায়া সংগঠন হিচাপে পৰিচিত ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ (TRF)-এ স্বীকাৰ কৰিছিল।
যোৱা বুধবাৰ, ১১ নৱেম্বৰত কুলগামৰ মীৰবজাৰৰ সমীপৰ আখৰান অঞ্চলত CRPFৰ এটা নিৰাপত্তা চকীত মটৰচাইকেলত অহা তিনিজন সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল। AK-47 ৰাইফলেৰে ধাৰাসাৰ গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল আক্ৰমণকাৰীসকলে।
এই আক্ৰমণত CRPFৰ তিনিজন জোৱান ৰাকেশ দাস, শান্তনু চন্দ্ৰ আৰু সোমবীৰ সিং আহত হৈছিল।
