নাম তেওঁৰ চৌধুৰী বলজোৰ সিং। বয়স ৮০ বছৰ। ঘৰ উত্তৰ প্ৰদেশৰ বাগপত জিলাৰ জোহৰি গাঁৱত। দেওবাৰ, ১৫ নৱেম্বৰৰ দুপৰীয়াৰ পৰা এই অশীতিপৰ বৃদ্ধগৰাকীক লৈ উত্তৰ ভাৰতৰ হিন্দী বলয়ত ব্যাপক চৰ্চা চলিছে।
কাৰণ, জীৱিত অৱস্থাতে নিজৰ শ্ৰাদ্ধৰ অনুষ্ঠান সম্পন্ন কৰিলে বলজোৰ সিঙে। কেৱল সেয়াই নহয়, নিজৰ গাঁও জোহৰি আৰু দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় ৯০০ লোকক এসাঁজ ভোজো খুৱালে তেওঁ। একেদিনাই সামাজিক পৰম্পৰা অনুসৰি ‘পাগড়ী’ অনুষ্ঠানৰ জৰিয়তে পৰিয়ালৰ দায়িত্বভাৰ নিজৰ ১০ বছৰীয়া নাতি মুকুলৰ হাততো অৰ্পণ কৰে।
‘তেৰহভিন’ শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে ত্ৰয়োদশ দিন। উত্তৰ ভাৰতৰ হিন্দু আৰু কিছুমান শিখ ধৰ্মীয় পৰম্পৰা অনুসৰি, কোনো ব্যক্তিৰ মৃত্যুৰ ১৩সংখ্যক দিনটোত পালন কৰা পাৰলৌকিক ক্ৰিয়া বা শোক সমাপ্তিৰ অনুষ্ঠানক ‘তেৰহভিন’ বুলি কোৱা হয়।
এই অনুষ্ঠানত পূজা-পাতল, হোম-যজ্ঞ, ব্ৰাহ্মণ ভোজন আৰু দুখীয়া লোকক দান-দক্ষিণা দিয়াৰ পৰম্পৰা আছে। মৃত ব্যক্তিৰ আত্মাৰ শান্তি কামনা কৰি আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াক নিমন্ত্ৰণ কৰি ভোজৰো আয়োজন কৰা হয়। অসম বা বংগৰ পৰম্পৰাগত শ্ৰাদ্ধ অনুষ্ঠানৰ সৈতে ইয়াৰ কিছু সাদৃশ্য আছে।
নিজৰ এই ব্যতিক্ৰমী সিদ্ধান্তৰ কাৰণ ব্যাখ্যা কৰি বলজোৰ সিঙে জনায় যে মৃত্যুৰ পিছত তেওঁৰ শ্ৰাদ্ধৰ সকলো দায়িত্ব যাতে পৰিয়ালৰ লোকৰ ওপৰত নপৰে, তাৰ বাবেই তেওঁ জীৱিত অৱস্থাতে এই অনুষ্ঠান সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছিল।
তেওঁৰ আন এটা ইচ্ছাও আছিল। জীৱিত অৱস্থাতে নিজৰ আত্মীয়-স্বজন, বন্ধু-বান্ধৱ আৰু ওচৰ-চুবুৰীয়াক একেলগে নিজৰ শ্ৰাদ্ধৰ অনুষ্ঠানত উপস্থিত থকা দেখিব বিচাৰিছিল তেওঁ। সেইবাবেই শ্ৰাদ্ধৰ সকলো কাম নিজ হাতে সম্পন্ন কৰাৰ সিদ্ধান্ত লয়।
কিন্তু ইয়াৰ আঁৰত আছিল আন এক বিশেষ উদ্দেশ্য। বলজোৰৰ ভাষ্য অনুসৰি, তেওঁৰ মৃত্যুৰ পিছত শ্ৰাদ্ধৰ আয়োজন বা ভোজৰ ব্যৱস্থাক লৈ যাতে তেওঁৰ জীয়ৰী, আত্মীয়-স্বজনসকলে কোনো ধৰণৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া নহয়, সেয়া নিশ্চিত কৰিব বিচাৰিছিল তেওঁ।
তেওঁ কয়, ‘মোৰ শ্ৰাদ্ধৰ অনুষ্ঠান বা ভোজৰ আয়োজনক লৈ মোৰ জীয়ৰী আৰু আত্মীয়-স্বজনসকলে যাতে কাৰো ওচৰত সমালোচনাৰ সন্মুখীন হ’বলগীয়া নহয়। মোৰ অনুপস্থিতিত শ্ৰাদ্ধৰ ৰীতি-নীতি বা খোৱা-বোৱাৰ ব্যৱস্থাক লৈ কোনেও যাতে বেয়া কথা ক’ব নোৱাৰে, সেইবাবেই মই নিজেই সকলো ব্যৱস্থা কৰিব বিচাৰিছিলোঁ।’
নিজৰ শ্ৰাদ্ধৰ ভোজত অতিথিসকলৰ বাবে পুৰি, ৰায়তা, দুবিধ তৰকাৰী আৰু লাড্ডুৰ ব্যৱস্থা কৰিছিল বলজোৰে। জানিব পৰা মতে, খাদ্যৰ ব্যৱস্থাক লৈ নিমন্ত্ৰিত অতিথিসকলৰ কোনেও অসন্তুষ্টি প্ৰকাশ কৰা নাই।
উল্লেখ্য যে, বলজোৰ সিঙৰ তিনিগৰাকী জীয়ৰী আৰু এগৰাকী নাতি আছে। তেওঁৰ নাতি মুকুলৰ বয়স মাত্ৰ ১০ বছৰ। আনহাতে, বলজোৰৰ নিজৰ নামত আছে দুই বিঘা কৃষিভূমি।
জীৱিত অৱস্থাতে নিজৰ শ্ৰাদ্ধ সম্পন্ন কৰি আৰু পৰিয়ালৰ দায়িত্ব নাতিৰ হাতত অৰ্পণ কৰি বলজোৰ সিঙে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
