NSGৰ প্ৰথমটো মহিলা কমাণ্ডো প্ৰশিক্ষণ পাঠ্যক্ৰমত শ্ৰেষ্ঠত্ব অৰ্জন জুৰিয়াৰ ছাবিনা ইয়াছমিনৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী (NSG)ৰ প্ৰথমটো মহিলা কমাণ্ডো কনভাৰ্ছন পাঠ্যক্ৰমত দুটাকৈ শীৰ্ষ সন্মান অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ জুৰিয়াৰ দগাঁও গাঁৱৰ ছাবিনা ইয়াছমিনে।

১নং CDO বেটেলিয়নৰ মহিলা আৰক্ষী কনিষ্টবল ছাবিনা ইয়াছমিনে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত ২৭০গৰাকী মহিলা আৰক্ষী কৰ্মীৰ সৈতে এই প্ৰশিক্ষণ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিছিল। প্ৰশিক্ষণৰ সামগ্ৰিক প্ৰদৰ্শনৰ ভিত্তিত তেওঁ ‘Best Overall Trainee’ আৰু শাৰীৰিক দক্ষতাৰ শাখাত ‘Best in Physical’ সন্মান লাভ কৰিবলৈ সক্ষম হয়।

প্ৰশিক্ষণৰ সময়ছোৱাত শাৰীৰিক সক্ষমতাৰ পৰীক্ষাসমূহত শীৰ্ষস্থান দখল কৰাৰ লগতে সামগ্ৰিকভাৱেও প্ৰথম স্থান লাভ কৰে সাবিনাই। তেওঁৰ এই সাফল্যই অসম আৰক্ষীৰ লগতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।

সাবিনাৰ এই কৃতিত্বৰ খবৰে তেওঁৰ জন্মভূমি জুৰিয়াৰ দগাঁও গাঁৱৰ লগতে সমগ্ৰ নগাঁও জিলাতে আনন্দ আৰু গৌৰৱৰ পৰিৱেশৰ সৃষ্টি কৰিছে। দেশৰ ২৭০গৰাকী দক্ষ মহিলা আৰক্ষী কৰ্মীৰ মাজত নিজৰ যোগ্যতা প্ৰমাণ কৰি দুটাকৈ শীৰ্ষ সন্মান লাভ কৰা ছাবিনা ইয়াছমিন এতিয়া অসমৰ বাবে এক গৌৰৱৰ নাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ মন্ত্ৰী, ২০ নৱেম্বৰত SCOৰ সভাত অংশগ্ৰহণ কৰিব

অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিব পাকিস্তানৰ...

তিৰুপতিৰ অন্নপ্ৰসাদম ট্ৰাষ্টলৈ হায়দৰাবাদৰ ভক্তৰ ১০ কোটি টকাৰ অনুদান

তিৰুমালা তিৰুপতি দেৱস্থানম (TTD) পৰিচালিত শ্ৰী ভেংকটেশ্বৰ অন্নপ্ৰসাদম ট্ৰাষ্টলৈ...

গুৱাহাটীত প্ৰথমবাৰৰ বাবে বিশ্বখ্যাত ৰক বেণ্ড Guns N’ Roses, ১৭ নৱেম্বৰত খানাপাৰাত সংগীতৰ মহাৰণ

উত্তৰ-পূৰ্বাঞ্চলৰ সংগীত জগতত সংযোজিত হ’ব এক নতুন ইতিহাস। বিশ্বৰ...

আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচত নিউজিলেণ্ডৰ হাতত ০-৩ গ’লত পৰাস্ত ভাৰত

দেওবাৰে অনুষ্ঠিত এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰীতি মেচত নিউজিলেণ্ডৰ হাতত...