অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ মন্ত্ৰী, ২০ নৱেম্বৰত SCOৰ সভাত অংশগ্ৰহণ কৰিব

অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিব পাকিস্তানৰ এগৰাকী মন্ত্ৰীয়ে। নতুন দিল্লীত ২০ৰ পৰা ২২ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থা (SCO)ৰ প্ৰথমখন ‘চিভিলাইজেচনেল ডায়লগ ফ’ৰাম’ত পাকিস্তানে অংশগ্ৰহণ কৰাৰ কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে।

পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰা এক বিবৃতিত জানিবলৈ দিয়া অনুসৰি, দেশখনৰ জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সমন্বয় বিভাগৰ ফেডাৰেল মন্ত্ৰী ড° মুছাদ্দিক মাছুদ মালিকক প্ৰতিনিধি হিচাপে ভাৰতলৈ প্ৰেৰণ কৰা হ’ব।

উল্লেখ্য যে, ২০২৫ চনৰ মে’ মাহত ভাৰতৰ ‘অপাৰেচন সিন্দূৰ’ৰ পিছত এইটোৱেই হ’ব ভাৰতলৈ পাকিস্তানৰ কোনো মন্ত্ৰীৰ প্ৰথমটো ভ্ৰমণ। ইয়াৰ পূৰ্বে এই সন্মিলনত অংশগ্ৰহণৰ বাবে পাকিস্তানৰ সংস্কৃতি মন্ত্ৰী ঔৰংজেব খান খিচিক আমন্ত্ৰণ জনোৱা হৈছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ চীনৰ তিয়ানজিনত অনুষ্ঠিত SCOৰ বৈঠকত এই সভাৰ প্ৰস্তাৱ আগবঢ়াইছিল। নতুন দিল্লীৰ ষোড়শ শতিকাৰ ঐতিহাসিক পুৰানা কিল্লাত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠান উদ্বোধন কৰাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী মোদীৰ।

সভাখনত SCOৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিয়ে সভ্যতাগত সংলাপ, সাংস্কৃতিক বুজাবুজি আৰু পাৰস্পৰিক সহযোগিতাৰ বিভিন্ন দিশ সন্দৰ্ভত মত বিনিময় কৰিব। লগতে সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ বিষয়তো আলোচনা হোৱাৰ কথা।

উল্লেখ্য যে, ২০১৬ চনত পাঠানকোট সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্কত স্থবিৰতা আহে। তাৰ পিছত ২০১৬ চনত অমৃতসৰত অনুষ্ঠিত ‘হাৰ্ট অৱ এছিয়া’ সন্মিলনত ছাৰ্তাজ আজিজ আৰু ২০২৩ চনত গোৱাত অনুষ্ঠিত SCOৰ বৈদেশিক মন্ত্ৰী পৰিষদৰ বৈঠকত বিলাৱল ভুট্টো জৰ্দাৰীয়ে ভাৰত ভ্ৰমণ কৰিছিল।

ভাৰতে অৱশ্যে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ ক্ষেত্ৰত সন্ত্ৰাসবাদ আৰু আলোচনাক একেলগে আগবঢ়াই নিব নোৱাৰাৰ স্থিতি গ্ৰহণ কৰি আহিছে। সেয়েহে আগন্তুক ভ্ৰমণটোও দ্বিপাক্ষিক নহয়, বহুপাক্ষিক মঞ্চ SCOৰ অধীনত অনুষ্ঠিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তিৰুপতিৰ অন্নপ্ৰসাদম ট্ৰাষ্টলৈ হায়দৰাবাদৰ ভক্তৰ ১০ কোটি টকাৰ অনুদান

তিৰুমালা তিৰুপতি দেৱস্থানম (TTD) পৰিচালিত শ্ৰী ভেংকটেশ্বৰ অন্নপ্ৰসাদম ট্ৰাষ্টলৈ...

গুৱাহাটীত প্ৰথমবাৰৰ বাবে বিশ্বখ্যাত ৰক বেণ্ড Guns N’ Roses, ১৭ নৱেম্বৰত খানাপাৰাত সংগীতৰ মহাৰণ

উত্তৰ-পূৰ্বাঞ্চলৰ সংগীত জগতত সংযোজিত হ’ব এক নতুন ইতিহাস। বিশ্বৰ...

আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচত নিউজিলেণ্ডৰ হাতত ০-৩ গ’লত পৰাস্ত ভাৰত

দেওবাৰে অনুষ্ঠিত এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰীতি মেচত নিউজিলেণ্ডৰ হাতত...