তিৰুপতিৰ অন্নপ্ৰসাদম ট্ৰাষ্টলৈ হায়দৰাবাদৰ ভক্তৰ ১০ কোটি টকাৰ অনুদান

তিৰুমালা তিৰুপতি দেৱস্থানম (TTD) পৰিচালিত শ্ৰী ভেংকটেশ্বৰ অন্নপ্ৰসাদম ট্ৰাষ্টলৈ ১০ কোটি টকাৰ অনুদান আগবঢ়াইছে হায়দৰাবাদৰ এগৰাকী ভক্তই। চলিত বৰ্ষত এজন ব্যক্তিগত দাতাৰ পৰা লাভ কৰা এয়াই সৰ্ববৃহৎ এককালীন অনুদান বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ১৩ নৱেম্বৰ শুকুৰবাৰে কোডালি শ্ৰীকান্তে পৰিয়ালৰ সৈতে শ্ৰীভাৰী মন্দিৰৰ ৰংগনায়কুলা মণ্ডপমত TTDৰ অতিৰিক্ত কাৰ্যবাহী বিষয়া ভেংকাইয়া চৌধুৰীৰ হাতত ১০ কোটি টকাৰ অনুদানৰ চেক প্ৰদান কৰে। দাতাগৰাকীৰ এই উদাৰ অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে অতিৰিক্ত কাৰ্যবাহী বিষয়াগৰাকীয়ে।

উল্লেখ্য যে, তিৰুমালালৈ অহা ভক্তসকলক বিনামূলীয়াকৈ আহাৰ যোগান ধৰাৰ উদ্দেশ্যে এই অন্নপ্ৰসাদম ট্ৰাষ্ট পৰিচালিত হয়। প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তক বিনামূলীয়া আহাৰ যোগান ধৰে ট্ৰাষ্টটোৱে।

২০২৫ চনৰ আগষ্ট মাহত এগৰাকী নাম প্ৰকাশত অনিচ্ছুক অনাবাসী ভাৰতীয়ই ১২১ কিলোগ্ৰাম সোণ, যাৰ মূল্য প্ৰায় ১৪০ কোটি টকা, দান কৰিছিল। এজন ব্যক্তিগত দাতাৰ পৰা লাভ কৰা সেয়াই আছিল ট্ৰাষ্টৰ সৰ্ববৃহৎ অনুদান।

আনহাতে, চলিত বৰ্ষৰ ১৬ জুলাইত এদিনতে ২,৪৬০গৰাকী ভক্তৰ পৰা মুঠ ৯৬.৯ কোটি টকাৰ অনুদান লাভ কৰি নতুন অভিলেখ গঢ়িছিল TTDই।

তিৰুমালাত TTDই প্ৰতিমাহে গড়ে ১০০ৰ পৰা ১৩০ কোটি টকাৰ নগদ অনুদান লাভ কৰাৰ লগতে প্ৰায় ১০০ৰ পৰা ১২০ কিলোগ্ৰাম সোণ লাভ কৰে। মন্দিৰৰ হুণ্ডীৰ পৰা বছৰি প্ৰায় ১,২০০ৰ পৰা ১,৬০০ কোটি টকা সংগ্ৰহ হয়। আনহাতে, বছৰি সোণৰ অনুদানৰ পৰিমাণ গড়ে ১,০০০ৰ পৰা ১,৪০০ কিলোগ্ৰাম।

উল্লেখ্য যে, ১৯৮৫ চনত তিৰুমালাত ভক্তসকলক বিনামূলীয়া অন্নপ্ৰসাদম প্ৰদানৰ ব্যৱস্থা আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯৯৪ চনত এই পদক্ষেপক অধিক সুসংগঠিত কৰাৰ উদ্দেশ্যে আনুষ্ঠানিকভাৱে শ্ৰী ভেংকটেশ্বৰ নিত্য অন্নপ্ৰসাদম ট্ৰাষ্ট গঠন কৰা হয়।

তিৰুপতিত অৱস্থিত শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা তিৰুমালা তিৰুপতি দেৱস্থানমক বিশ্বৰ অন্যতম ধনী হিন্দু মন্দিৰ পৰিচালনা সংস্থা হিচাপে গণ্য কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত প্ৰথমবাৰৰ বাবে বিশ্বখ্যাত ৰক বেণ্ড Guns N’ Roses, ১৭ নৱেম্বৰত খানাপাৰাত সংগীতৰ মহাৰণ

উত্তৰ-পূৰ্বাঞ্চলৰ সংগীত জগতত সংযোজিত হ’ব এক নতুন ইতিহাস। বিশ্বৰ...

আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচত নিউজিলেণ্ডৰ হাতত ০-৩ গ’লত পৰাস্ত ভাৰত

দেওবাৰে অনুষ্ঠিত এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰীতি মেচত নিউজিলেণ্ডৰ হাতত...